নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুত পাহাৰৰ গুহাত সন্ত্রাসবাদীৰ গোপন ঘাটি উৎখাত সেনাৰ

🔹 বৃহৎ পৰিমাণৰ অস্ত্র–বিস্ফোৰক জব্দ

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : জম্মু–কাশ্মীৰৰ ৰাজৌৰীত সেনাৰ ওপৰত আক্রমণৰ ঘটনাৰ দুদিন পিছত ৰামবান জিলাৰ ছার্নিয়াল জংঘলত পাহাৰৰ গুহাত সন্ত্রাসবাদীৰ এটা শিবিৰৰ সন্ধান পালে আৰক্ষী আৰু সেনাৰ যৌথ বাহিনীয়ে৷ ৰাজৌৰীৰ ঘটনাৰ পিছত জম্মুৰ একাধিক অঞ্চলত তালাচী চলায় সেনা আৰু আৰক্ষীয়ে৷ সেই সময়ত এই শিবিৰৰ সন্ধান পোৱা গৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ঘন অৰণ্যৰ মাজেৰে গৈ পাহাৰৰ গুহাত এনেদৰে এই শিবিৰটো স্থাপন কৰা হৈছিল যে ইয়াক বাহিৰৰ পৰা দেখা পোৱা নাযায়৷ এই শিবিৰৰ পৰা উদ্ধাৰ হৈছে প্রচুৰ পৰিমাণৰ বিস্ফোৰক, ৭.৬২ মিলিমিটাৰৰ ১১৩টা গুলী, একে ৪৭ ৰাইফলছৰ তিনিটা মেগজিন, স্নাইপাৰ ৰাইফলছৰ ৭.৬২ মিলিমিটাৰৰ সাতটা গুলী, ৯ মিলিমিটাৰৰ দুটা গুলী, তিনিটা চীনা গ্রেনেড, এটা পাকিস্তানী গ্রেনেড, দুডাল ডিটোনেটৰ, দুডাল ফিউজ, ৰেডিঅ’ ছেট ইত্যাদি৷ ইয়াৰ পূর্বে বাদগাম অঞ্চলত অভিযান চলাই সেনা আৰু আৰক্ষীয়ে লস্কৰ–ই–তৈবাৰ শ্লিপাৰ চেলৰ তিনি সদস্যক গ্রেপ্তাৰ কৰে৷

You might also like