নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PoKত ১১০ৰ পৰা ১৩০টা সন্ত্ৰাসবাদী লঞ্চ পেড, এক্সন প্লেন তৈয়াৰ সেনাৰ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে, সেনাই PoKত ৪২টা সন্ত্ৰাসবাদী শিবিৰ চিনাক্ত কৰে। প্ৰয়োজন হ’লে এই শিবিৰসমূহ ধ্বংস কৰা হ’ব। ইয়াৰ ভিতৰত ১০ উত্তৰ পীৰ পাঞ্জল ৰেঞ্জ (কাশ্মীৰৰ সিটো পাৰে PoKত) আৰু ৩২টা দক্ষিণ পীৰ পাঞ্জল ৰেঞ্জ (জম্মুৰ সিটো পাৰে PoKত)।

PoKত মুঠ ১১০ৰ পৰা ১৩০টা সন্ত্ৰাসবাদী লঞ্চ পেড থকাৰ সম্ভাৱনা আছে। উত্তৰ পীৰ পাঞ্জালত ৩০ৰ পৰা ৩৫টা সন্ত্ৰাসবাদী লঞ্চ পেড। PoKৰ দক্ষিণ পীৰ পাঞ্জল অঞ্চলত প্ৰায় ১০০ টা সন্ত্ৰাসবাদী লঞ্চ পেড আছে। পেহেলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ এদিন পিছতে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠক অনুষ্ঠিত হয়।

প্ৰধানমন্ত্ৰী মোদীৰ উপৰি নিৰাপত্তা বিষয়ক কেবিনেট কমিটীত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে কঠোৰ ব্যৱস্থা ল’ব পাৰে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা চিচিএছ বৈঠকত পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লোৱা হ’ব পাৰে। সিন্ধু জল সন্ধিৰ ক্ষেত্ৰতো এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে।

You might also like