নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেভলিন কিনিবলৈও টকা নাছিল পাকিস্তানৰ আর্শ্বাদৰ

🔹 স্বর্ণ জয়ৰ পিছতে কৃতিত্ব ল’বলৈ তৎপৰ চৰকাৰ

নিউজ ডেস্ক, ১২ আগষ্ট : পেৰিছ অলিম্পিকত পাকিস্তানক একমাত্র পদক উপহাৰ দিছে আর্শ্বাদ নাদিমে৷ ৩২ বছৰ পিছত পুনৰ অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছে চুবুৰীয়া ৰাষ্ট্রখনে৷ অলিম্পিকৰ পূর্বে আর্শ্বাদৰ অনুশীলনৰ বাবে এডাল নতুন জেভলিনো নাছিল৷ আর্থিক সমস্যাত জুৰুলা আর্শ্বাদৰ পদক জয়ৰ পিছতে অৱশ্যে ক্ষীৰ খাবলৈ উপস্থিত হৈছে পাকিস্তান চৰকাৰ, পাকিস্তান ক্রীড়া সংস্থা৷ তেওঁ স্বর্ণ জয় কৰাৰ পিছত প্রথমে শুভেচ্ছা জনাইছে পাকিস্তানৰ প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফে৷ তেওঁ এটি ভিডিঅ’ পোষ্ট কৰিছে, য’ত শ্বাহবাজে টেলিভিছনত আর্শ্বাদৰ জয় দেখাৰ পিছত হাত চাপৰি বজাইছে৷ তাকে দেখি পঞ্জাব প্রদেশৰ ক্রীড়ামন্ত্রীয়ে কৈছে– ছাৰ, এয়া আপোনাৰেই দূৰদৃষ্টি৷ আপুনিয়েই তেওঁক সুযোগ দিছে৷ ইয়াৰ পিছত মুখ খুলিছে পাকিস্তান ক্রীড়া সংস্থাই৷ তেওঁলোকে জনায়– আর্শ্বাদৰ অস্ত্রোপচাৰ আৰু অনুশীলনৰ বাবে এক কোটি টকা খৰচ কৰিছে সংস্থাই৷ পাকিস্তানৰ এথলেটিকছ সংস্থাক ৭ কোটি টকা দিয়া বুলিও জনায় তেওঁলোকে৷ কিন্তু ক্রীড়া সংস্থাৰ এই দাবী নাকচ কৰিছে পাকিস্তান অলিম্পিক সংস্থাৰ এজন কর্মকর্তাই৷ তেওঁ কয় – আর্শ্বাদে স্বর্ণ জয় কৰাৰ পিছতে সকলোৱে কৃতিত্ব ল’বলৈ দৌৰত নামিছে৷ পাকিস্তান ক্রীড়া সংস্থা আৰু অলিম্পিক সংস্থাই ডাঙৰ কথা কোৱাতকৈ দেশৰ ক্রীড়াৰ উন্নতিৰ চেষ্টা কৰা উচিত৷ সেয়া হ’লে ক্রিকেটৰ বাহিৰে আন খেলতো ক্রীড়াবিদ ওলাই আহিব৷ পাকিস্তানৰ প্রাক্তন স্কোৱাছ তাৰকা জাহাংগীৰ খানে এই প্রসংগত কয়– আর্শ্বাদে নিজৰ সৈতে যুঁজ কৰি এই পদক জয় কৰিবলগীয়া হৈছে৷ একেই সুৰ শুনা গৈছে প্রাক্তন ফুটবল তাৰকা এছা খানৰ কণ্ঠত৷ তেওঁ কয়– আর্শ্বাদে স্বর্ণ জয় কৰাৰ পিছতো যদি পাকিস্তানৰ খেলা–ধূলাৰ ছবিখন সলনি নহয়, তেনেহ’লে এই দেশৰ উন্নতি কেতিয়াও সম্ভৱ নহয়৷

You might also like