নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিবিয়াৰ উপকূলৰ সমীপত শৰণার্থীৰ নাও ডুবি ৬১জনৰ মৃত্যু

🔹 ভূমধ্য সাগৰেৰে ইউৰোপলৈ দুর্গম যাত্রাৰ সময়ত মর্মান্তিক দুর্ঘটনা

বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : ভূমধ্য সাগৰত পুনৰ শৰণার্থীৰ নাও ডুবি ৬১গৰাকী লোকৰ মৃত্যু হৈছে৷ এই মর্মান্তিক দুর্ঘটনা সংঘটিত হৈছে লিবিয়াৰ উপকূলত৷ মৃত লোকসকলৰ ভিতৰত আছে শিশু আৰু মহিলাও৷ আন্তর্জাতিক শৰণার্থী সংস্থা (আইঅ’এম)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ এই ঘটনাক কেন্দ্র কৰি শোকৰ ছাঁ পৰিছে লিবিয়াত৷ লিবিয়াৰ চহৰ জুৱাৰাৰ পৰা যাত্রা কৰিছিল নাওখনে৷ নাওখনত ৮৬জন যাত্রী আছিল বুলি জানিব পৰা গৈছে৷ প্রবল জোৱাৰৰ ফলত নাওখন ডুব যায় বুলি আইঅ’এমৰ তৰফৰ পৰা সংবাদ সংস্থা বিবিচিক জনোৱা হৈছে৷ উল্লেখনীয় যে শৰণার্থীসকলৰ মাজত ইজিপ্ত, ছিৰিয়া আৰু পাকিস্তানৰ নাগৰিক আছিল বুলি এক সূত্রই সংবাদ মাধ্যমক জনাইছে৷ বিভিন্ন সময়ত ইউৰোপীয় দেশত আশ্রয় লোৱাৰ উদ্দেশ্যে মধ্যপ্রাচ্য আৰু আফ্রিকাৰ দেশৰ পৰা লিবিয়া হৈ ভূ–মধ্য সাগৰেৰে দুর্গম যাত্রা কৰে প্রব্রজনকাৰীসকলে৷ এনে দুর্গম যাত্রাৰ ফলত বিভিন্ন সময়ত সমুদ্রত প্রাণ হেৰুৱাবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে৷ লক্ষণীয়ভাৱে উপকূলৱর্তী অঞ্চলত মানৱ সৰবৰাহকাৰী চক্রই প্রব্রজনকাৰী লোকসকলক ইউৰোপলৈ প্রেৰণৰ ব্যৱস্থা কৰি আহিছে৷ যোৱা ফেব্রুৱাৰী মাহত লিবিয়াত অনুৰূপ দুর্ঘটনাত ৯৬গৰাকী লোকে প্রাণ হেৰুৱাইছিল৷ ইয়াৰ পিছত জুন মাহতো শৰণার্থীৰ নাও ডুবি মৃত্যু হৈছিল ৭৯জনৰ৷ সেই ঘটনাত সন্ধানহীন হৈছিল শতাধিক লোক৷ গ্রীচৰ সমুদ্রৰ ওচৰত সেই দুর্ঘটনা সংঘটিত হৈছিল৷ পুনৰ মর্মান্তিক দুর্ঘটনা সংঘটিত হোৱাৰ লগে লগে আইঅ’এমৰ তৰফৰ পৰা শোক প্রকাশ কৰা হৈছে৷

You might also like