মোজাম্বিকত নাও দুর্ঘটনাত কমেও ৯০জনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ এপ্ৰিলঃ আফ্রিকান ৰাষ্ট্র মোজাম্বিকত শোকাৱহ নাও দুর্ঘটনাত কমপক্ষেও ৯০ লোকৰ মৃত্যু হৈছে৷ মাছমৰীয়াৰ নাৱেৰে বিপজ্জনক যাত্রা কৰিছিল এই লোকসকলে৷ যাত্রাৰ সময়ত নাওখন বুৰি ৯০জনৰ মৃত্যু হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে৷ দেশখনৰ এই ভয়াৱহ নাও দুর্ঘটনাত মৃত্যু হোৱা লোকসকলৰ অধিকসংখ্যকেই শিশু৷ উদ্ধাৰ কার্য আৰম্ভ হোৱাৰ পিছত মাত্র পাঁচজনকহে জীৱন্তে উদ্ধাৰ কৰা হৈছে বুলি স্থানীয় সূত্রই সদৰী কৰিছে৷ দুর্ঘটনাৰ সময়ত নাওখনত ১৩০গৰাকী যাত্রী আছিল বুলি জানিব পৰা গৈছে৷ নামপুলা প্রদেশৰ এখন চহৰ অভিমুখে নদী পথেৰে আহি আছিল এই লোকসকল৷ উল্লেখনীয় যে ভয়াৱহ কলেৰা মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ এই লোকসকলে পলায়ন কৰিছিল বুলি নামপুলা প্রদেশৰ সচিব জাইমে নেটোৱে সংবাদ মাধ্যমক জনাইছে৷ উল্লেখনীয় যে নাওখনৰ ভিতৰৰ এগৰাকী যাত্রীও কলেৰাত আক্রান্ত বুলি প্রচাৰ চলাৰ লগে লগে যাত্রীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ তেতিয়াই নাওখন পানীত বুৰ যায় বুলি সন্দেহ কৰা হৈছে৷ এই খবৰ পোৱাৰ লগে লগে প্রশাসনে আৰম্ভ কৰে উদ্ধাৰ কার্য৷ জাইমে নেটোৱে উল্লেখ কৰা অনুসৰি নাওখন কোনো কাৰণতে যাত্রী পৰিবহণৰ বাবে উপযুক্ত নাছিল৷ প্রতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰ কার্য বাৰে বাৰে ব্যাহত হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ সৰু নাও এখনত ইমানসংখ্যক যাত্রীয়ে কেনেদৰে উঠাৰ অনুমতি লাভ কৰিছিল, তাক লৈও আৰম্ভ হৈছে তদন্ত৷ স্মর্তব্য যে যোৱা অক্টোবৰৰ পৰা কলেৰাৰ কবলত পৰিছে মোজাম্বিক৷ এতিয়ালৈকে ১৫ সহস্রাধিক লোক কলেৰাত আক্রান্ত হৈছে আৰু মৃত্যু হৈছে ৩২জনৰ৷ এনে পৰিস্থিতিত কলেৰাৰ পৰা পৰিত্রাণ পাবলৈ নিৰাপদ স্থানৰ সন্ধান কৰিছিল লোকসকলে৷ কিন্তু নাৱৰ ভিতৰতেই এগৰাকী যাত্রী কলেৰাত আক্রান্ত বুলি প্রচাৰ চলাৰ লগে লগে হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ এনে পৰিস্থিতিৰ মাজতে বুৰ যায় নাওখন৷ উল্লেখ্য যে উদ্ধাৰ হোৱা পাঁচগৰাকী লোকৰ দুজনক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷