নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত কৰায়ত্ত ৰহিংগীয়া সন্ত্ৰাসবাদী সংগঠনৰ শীৰ্ষনেতা আতাউল্লাহ 

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বাংলাদেশত আগশাৰীৰ ৰহিংগীয়া সন্ত্ৰাসবাদী গোষ্ঠী আৰাকান ৰহিংগিয়া চালভেছন আৰ্মী (এআৰএচএ)ৰ শীৰ্ষ নেতাকে ধৰি মুঠ ৬গৰাকী সদস্য কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বিগত ১৮ মাৰ্চৰ দিনা বাংলাদেশ আৰক্ষীৰ ৰেপিড একশ্যন বেটেলিয়ন -১১ৰ এটি দলে দেশখনৰ নাৰায়ণগঞ্জ আৰু মৈমনসিংহ অঞ্চলত অভিযান চলাই এআৰএচএৰ শীৰ্ষ নেতা আবু ওমৰ জুনুনি ওৰফে আতাউল্লাহসহ সংগঠনটোৰ অইন ৫গৰাকী সন্দেহজনক সদস্যও কৰায়ত্ত কৰিছে।

২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকলৈ ঘূৰি আহিব বক্সিং

উল্লেখ্য যে, চুবুৰীয়া দেশ মায়ানমাৰৰ ৰাখিন অঞ্চলত সক্ৰিয় এআৰএছএ তথা হাৰকাস আল-ইয়াকিন (Harakah al-Yaqin ) নামৰ এই সন্ত্ৰাসবাদী সংগঠনটোৰ জন্ম হৈছিল ২০১৩ চনত। এআৰএছএক নেতৃত্ব দিছিল পাকিস্তানৰ কৰাচীত জন্ম হোৱা ধৃত আতাউল্লাহে। উত্তৰ ৰাখিন অঞ্চলকে ধৰি বাংলাদেশৰ চিটাগাং-মায়ানমাৰ সীমান্তত সক্ৰিয় এইএআৰএছএক ২০১৭ বৰ্ষৰ ২৫ আগষ্টৰ দিনা সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছিল ম্যানমাৰ চৰকাৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

কেনেকৈ সুনীতা-উইলম’ৰ ৯ মাহ জীয়াই থাকিল নাছাৰ মহাকাশ কেন্দ্ৰত

You might also like