নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তাক লৈ চিন্তিত অষ্ট্রেলিয়ান ক্রিকেটাৰ

🔹 ভাৰত-পাকিস্তানৰ মাজত সংঘাত ক্রমান্বয়ে জটিল

নিউজ ডেস্ক, ১০ মে’ : সম্প্ৰতি নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে অষ্ট্রেলিয়ান ক্রিকেটাৰ। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত ক্রমান্বয়ে জটিলতাৰ পিনে ঢাল খাইছে৷ ভাৰতীয় সেনাই গভীৰ নিশা পাকিস্তানী ড্রোন আক্রমণৰ চেষ্টা বিফল কৰে৷ এনে পৰিস্থিতিত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত ধৰমশালাত অনুষ্ঠিত আইপিএলৰ মেচখন মাজভাগত বাতিল কৰে৷ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা যুদ্ধৰ সময়তে আইপিএলত অংশগ্রহণ কৰা অষ্ট্রেলিয়ান ক্রিকেটাৰসকলে নিৰাপত্তাক লৈ উদ্বেগ প্রকাশ কৰিছে৷

সংবাদ প্রতিষ্ঠানে সদৰী কৰা মতে, অষ্ট্রেলিয়াৰ তাৰকা ক্রিকেটাৰকেইগৰাকীয়ে নিৰাপত্তাৰ প্রতি অতিশয় চিন্তিত৷ সোনকালে স্বদেশলৈ উভতি যাব বিচাৰিছে৷ দেশত চলি থকা জৰুৰীকালীন পৰিস্থিতিৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া আইপিএলত পেট কামিনছ, মিচেল ষ্টার্ক, জ’ছ হেজলউড আৰু ট্রেভিছ হেডকে ধৰি কেইবাগৰাকীও অষ্ট্রেলিয়াৰ তাৰকা ক্রিকেটাৰে অংশগ্রহণ কৰিছে৷ ইফালে, ৰিকী পণ্টিং আৰু ব্রেড হেডিনৰ দৰে প্রাক্তন খেলুৱৈয়েও ফ্রেঞ্চাইজীৰ প্রশিক্ষক আৰু কর্মচাৰীৰ দায়িত্ব পালন কৰি আছে৷

বৃহস্পতিবাৰে নিশা দিল্লী–পঞ্জাবৰ মেচখন বাতিল হোৱাৰ পাছত পঞ্জাবৰ মুখ্য প্রশিক্ষক ৰিকী পণ্টিঙে কয় যে আমি নিশ্চিত নহয় যে পৰৱর্তী মেচ ক’ত অনুষ্ঠিত হ’ব৷ এই পৰিস্থিতিত কোনোৱে আহমেদাবাদত আৰু আন কোনোবাই জয়পুৰলৈ স্থানান্তৰিত হ’ব পাৰে বুলি কৈছে৷ কি হ’ব সেয়া আমি নিশ্চিত নহয়৷ যিহেতু ভাৰতৰ পৰিস্থিতি সুবিধাজনক নহয়, সেয়ে অষ্ট্রেলিয়ান ক্রিকেটাৰকেইগৰাকীৰ লগতে প্রশিক্ষক আৰু কর্মচাৰীসকলেও সোনকালে ভাৰত ত্যাগ কৰাৰ চিন্তাচর্চা কৰিছে আৰু এই সন্দর্ভত ফ্রেঞ্চাইজীৰ সৈতে আলোচনাত মিলিত হৈছে৷

You might also like