নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ ছুৰাব চহৰ দখল বেলুচ বিদ্রোহীৰ

🔹 স্বাধীন বেলুচিস্তানৰ সংকল্পৰে মোক্ষম আঘাত বিএলএৰ

নিউজ ডেস্ক, ২ জুন : পাকিস্তানৰ গুৰুত্বপূর্ণ চহৰ সম্পূর্ণৰূপে দখল কৰিছে বেলুচিস্তান লিবাৰেচন আর্মী (বিএলএ)-এ ৷ বেলুচ বিদ্রোহী সংগঠনটোৱে দাবী কৰা অনুসৰি, প্রায় তিনি ঘণ্টা ধৰি চলোৱা অভিযানৰ পিছত ছুৰাব চহৰ সম্পূর্ণ বিদ্রোহীৰ নিয়ন্ত্রণলৈ গৈছে ৷ লক্ষণীয়ভাৱে বিদ্রোহীসকলে আৰক্ষী প্রশাসনিক ভৱন দখল কৰাৰ উপৰি পাক সেনাৰ বিপুল পৰিমাণৰ অস্ত্র লুট কৰা বুলিও বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে ৷ এই অভিযান সন্দর্ভত বিএলএৰ মুখপাত্র জিয়ান্দ বেলুচে সংবাদ মাধ্যমক জনায় যে পাকিস্তানৰ সামৰিক, প্রশাসনিক আৰু আর্থিক প্রতিষ্ঠানসমূহ আছিল মূল লক্ষ্য ৷ এই সকলোবোৰ কম সময়ৰ ভিতৰতে দখল কৰা বুলি দাবী কৰিছে জিয়ান্দে ৷ লক্ষণীয়ভাৱে চহৰখনৰ আৰক্ষী থানাসমূহৰ লগতে জিলা দণ্ডাধীশৰ কার্যালয় আৰু বেংক তথা গুদামসমূহ জ্বলাই দিয়া হৈছে ৷ ইতিমধ্যে বহু আৰক্ষী কর্মীক গ্রেপ্তাৰ কৰা বুলিও দাবী কৰিছে মুখপাত্রগৰাকীয়ে ৷ এই অভিযানৰ সময়তে সহকাৰী জিলা দণ্ডাধীশ হিদায়াতুল্লা বুলেডি নিহত হোৱা বুলি দাবী কৰিছে বিদ্রোহী শিবিৰে ৷ অকল সেয়াই নহয়, চহৰখন দখল কৰাৰ পাছতে বিদ্রোহী বাহিনীয়ে কোৱেট্টা–কৰাচী আৰু ছুৰাব–গিড ৰাষ্ট্রীয় ঘাইপথো অৱৰোধ কৰে ৷ ইতিমধ্যে এই ঘাইপথত বিএলএৰ তালাচী চকী স্থাপন কৰা হৈছে ৷ বেলুচিস্তানৰ স্বাধীনতাৰ লক্ষ্যত পাকিস্তানৰ এই চহৰখন দখল কৰাটো এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্ণিত হোৱা বুলিও বিএলএৰ মুখপাত্রগৰাকীয়ে উল্লেখ কৰিছে ৷

You might also like