নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাফৰ এক্সপ্রেছৰ ২১৪ পণবন্দীক হত্যা বেলুচ বিদ্রোহীৰ

🔹 পাকিস্তান চৰকাৰে নামানিলে ৪৮ ঘণ্টা সময়সীমা

নিউজ ডেস্ক, ১৬ মার্চ : পাকিস্তান চৰকাৰে নির্ধাৰিত সময়ৰে বান্ধি দিয়া চর্ত নমনাৰ বাবে ৰে’লত পণবন্দী ২১৪জনক হত্যা কৰা বুলি স্বীকাৰ কৰিলে বেলুচ লিবাৰেচন আর্মীয়ে৷ বিশ্বৰ সন্ত্রাসবাদৰ ইতিহাসত বেলুচ বিদ্রোহীয়ে পাকিস্তানৰ বোলনত যাত্রীবাহী জাফৰ এক্সপ্রেছ অপহৰণ কৰি কেইবাশ লোকক পণবন্দী কৰি ৰাখে৷ পাকিস্তানী সেনাই অভিযান চলাই ডেৰ শতাধিক পণবন্দীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৩০তকৈ অধিক বেলুচ বিদ্রোহীক হত্যা কৰে৷ ইপিনে, বেলুচ বিদ্রোহীয়ে পাকিস্তানী সেনাক আগ্রাসী ভূমিকা ল’লেই পণবন্দীক হত্যা কৰা হ’ব বুলি হুংকাৰ দিয়াৰ সমান্তৰালকৈ ৪৮ ঘণ্টাৰ ভিতৰত পণবন্দীৰ বিনিময়ত কাৰাবন্দী বেলুচ ৰাজনীতিকক মুকলি কৰি দিবলৈ চর্ত বান্ধি দিয়ে৷ চৰকাৰে এইক্ষেত্রত বেলুচ বিদ্রোহীৰ চর্ত মানি নোলোৱাৰ বাবে হঠাৎ পাকিস্তান চৰকাৰৰ জেদৰ বাবে পণবন্দী ২১৪জনক হত্যা কৰা বুলি দাবী কৰে বিদ্রোহী সংগঠনটোৱে৷ পাকিস্তানী সেনাৰ ‘অপাৰেচন ডাৰা ই বোলান’ ব্যর্থ হোৱা বুলি দাবী কৰি বেলুচ বিদ্রোহীয়ে পণবন্দীকেইজনক হত্যা কৰা বুলি স্বীকাৰ কৰে৷ বেলুচ বিদ্রোহীৰ মুখপাত্র জিয়াণ্ড বেলুচে বিবৃতিযোগে প্রকাশ কৰে যে পাকিস্তান বাহিনীয়ে ৪৮ ঘণ্টাৰ পণবন্দী বিনিময়ৰ চর্ত মানি নোলোৱাৰ বাবে সংগঠনটোৱে পণবন্দীক হত্যা কৰিছে৷ সংগঠনটোৱে পাকিস্তানী সেনাৰ সৈতে হোৱা যুঁজত ১২জন শ্বহীদ হোৱা বুলিও ঘোষণা কৰিছে৷ পাকিস্তানী সেনাৰ সৈতে যুঁজত প্রাণ হেৰুওৱাসকলক স্বাধীনতা যুঁজাৰু হিচাপে আখ্যা দিয়া হৈছে৷ মন কৰিবলগীয়া যে বেলুচ বিদ্রোহীয়ে পাকিস্তানী সেনাৰ অভিযান বিফল হোৱা বুলি উল্লেখ কৰি পণবন্দীক হত্যা কৰা বুলি দাবী কৰিছে যদিও পাকিস্তানী সেনাই তেওঁলোকৰ বেলুচ বিদ্রোহীৰ বিৰুদ্ধে চলোৱা অভিযান সফল হোৱা বুলি দাবী কৰিছে৷ পাকিস্তানী সেনাই অভিযান চলাই অপহূত ৰে’লত ৩৩জন বেলুচ বিদ্রোহীক হত্যা কৰা বুলি দাবী কৰিছে৷ পাকিস্তানৰ আইএছআইৰ সম্পর্কৰক্ষী বিষয়া সঞ্চালকপ্রধান লেফটেনেণ্ট জেনেৰেল শ্বৰীফ চৌধুৰীয়ে জাফৰ এক্সপ্রেছ অভিযান সফল হোৱা বুলি দাবী কৰিছে৷ বিশেষ ৰে’লেৰে অপহূত ৰে’লখনৰ পৰা পণবন্দীসকলক মোকলাই অনা বুলিও দাবী কৰিছে৷ বেলুচ বিদ্রোহী আৰু পাকিস্তানী সেনাৰ মাজত পণবন্দীক লৈ দাবী–প্রতিদাবী চলি আছে৷ ইপিনে, পণবন্দী হত্যাৰ ক্ষেত্রত বেলুচ বিদ্রোহীয়ে আন্তর্জাতিক আইনৰ অধীনত সংগঠনটোৱে সঠিক ব্যৱস্থা লোৱা বুলি প্রকাশ কৰিছে৷ পাকিস্তানী সেনাই নিজৰ জোৱান বলি দিয়া বুলি উল্লেখ কৰি বিদ্রোহী সংগঠনটোৱে যুদ্ধ আৰু আন্তর্জাতিক আইনৰ অধীনত পণবন্দীৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিছে বুলি দাবী কৰিছে৷ পাকিস্তানী সেনাৰ জেদৰ বাবে পণবন্দী বলিৰ সন্মুখীন হৈছে বুলি দোষাৰোপ কৰিছে সংগঠনটোৱে৷

You might also like