বাংলাদেশৰ কৰতোৱা নৈত নাও ডুবি ২৪ লোকৰ মৃত্যু
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ বাংলাদেশৰ উত্তৰ প্ৰান্তৰ পঞ্চাগড় জিলাৰ বোডা উপজিলাৰ কৰতোৱা নৈত নাও উটি যোৱা ঘটনাত ২৪জন লোকৰ মৃত্যু হৈছে। আজি দিনৰ প্ৰায় ১:৩০ বজাত উপজিলাৰ মদিয়া বামনহাট ইউনিয়নৰ আউলিয়া ঘাট অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বোডা উপজিলাৰ কাৰ্যবাহী বিষয়া (ইউএনঅ’) ছোলেমান আলীয়ে এই তথ্য নিশ্চিত কৰিছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ৮ শিশু, ৪ পুৰুষ আৰু ১২ মহিলা। ইয়াৰে ৮জনৰ স্থানীয় বোডা উপজিলা স্বাস্থ্য কমপ্লেক্সলৈ নিয়াৰ পিছতে মৃত্যুক সাৱটি লয়। বাকী ১৬জনৰ মৃতদেহ নৈৰ পাৰত ৰখা হৈছে। আলীয়ে কয় যে শৰৎ দুৰ্গোৎসৱ মহালয়া উপলক্ষে মদিয়া বজাৰ অঞ্চলৰ ঔলীয়া ঘাটৰ পৰা প্ৰায় ৭০-৮০জন লোক অগভীৰ ইঞ্জিন নাৱেৰে বৰষাশী ইউনিয়নৰ বাদেশ্বৰী মন্দিৰ অভিমুখে গৈ আছিল। ঘাটৰ পৰা কিছুদূৰৈৰ পিছত নাওখন ডুলিবলৈ ধৰে। এই সময়ত নাৱিকজনে নাওখন ঘাটলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল। এটা সময়ত নাওখন ডুব যায়। নাওখনৰ বহু যাত্ৰী সাঁতুৰি পাৰত উপস্থিত হয়। স্থানীয় ৰাইজেও উদ্ধাৰ অভিযানত সহযোগ কৰে। ঘটনাস্থলীত উপস্থিত হয় পঞ্চাগড়ৰ উপাযুক্ত। উল্লেখ যে নাওখনত প্ৰয়োজনতকৈ অধিক যাত্ৰী আছিল। সৰু নাৱত অতিমাত্ৰা ভিৰ হোৱাৰ বাবে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
প্ৰেৰক কাউছাৰ আজম