নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল বাংলাদেশৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ বাংলাদেশ চৰকাৰে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল কৰিছে৷ মধ্যপ্রদেশৰ নেচনেল জুডিচিয়েল একাডেমী আৰু ষ্টেট জুডিচিয়েল একাডেমীত অহা ১০ ফেব্রুৱাৰীত আৰম্ভ হ’বলগীয়া ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰে৷ বাংলাদেশ চৰকাৰে আইন মন্ত্রালয়ে এক বিবৃতিযোগে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ন্যায়াধীশৰ কার্যসূচী বাতিল কৰা হৈছে বুলি প্রকাশ কৰিছে৷ উল্লেখ্য যে ভাৰতত বাংলাদেশৰ ৫০জন নিম্ন আদালতৰ ন্যায়াধীশে এদিনীয়া প্রশিক্ষণ কার্যসূচীত অংশগ্রহণ কৰাৰ কথা আছিল যদিও আজি আইন মন্ত্রালয়ে নির্দেশনা জাৰি কৰি সেই কার্যসূচীত অংশ লোৱা নহয় বুলি প্রকাশ কৰিছে৷ আইন মন্ত্রালয়ে কি কাৰণত এই কার্যসূচীত অংশ লোৱাটো প্রত্যাহাৰ কৰিছে তাক বিতংভাৱে উল্লেখ কৰা নাই৷ কেৱল বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে এই প্রশিক্ষণ কার্যসূচী বাতিল কৰা হৈছে বুলি নির্দেশনাত উল্লেখ আছে৷ বাংলাদেশত ছাত্র বিক্ষোভৰ ফলত শ্বেখ হাছিনাৰ চৰকাৰ পতন হোৱাৰ পিছতেই মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰৰ লগত ভাৰতৰ সম্পর্কত তিক্ততা বৃদ্ধি পাই আহিছে৷

You might also like