বাংলাদেশৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রিত মোদী
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ অহা বছৰ বাংলাদেশৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনালে বাংলাদেশ চৰকাৰে।
দেওবাৰে বাংলাদেশৰ বিদেশমন্ত্রী ড. এ কে আব্দুল মোমেনে ঢাকাৰ ভাৰতৰ হাইকমিশ্যনাৰ বিক্রম দোৰাইস্বামীৰ সৈতে সাক্ষাৎ কৰি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে।
উল্লেখ্য় যে, চলিত ১৬ বা ১৭ ডিছেম্বৰত নৰেন্দ্র মোদীৰ সৈতে এখন ভার্চুয়েল বৈঠকত অংশ ল’ব পাৰে বাংলাদেশৰ প্রধানমন্ত্রী ছেখ হাছিনা।