নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংৰক্ষণ ব্যৱস্থাবিৰোধী আন্দোলনত ৰক্তাক্ত বাংলাদেশ

🔹 মৃতকৰ সংখ্যা ১১৫জনলৈ বৃদ্ধি

🔹 অশান্ত বাংলাদেশৰ পৰা উভতিল প্রায় এহেজাৰ ভাৰতীয় শিক্ষার্থী

বিশেষ বাৰ্তা, ২০ জুলাই : চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাবিৰোধী আন্দোলনত ৰক্তাক্ত বাংলাদেশ৷ প্রতিবাদী ছাত্র আৰু নিৰাপত্তা বাহিনীৰ মাজত চলি থকা সংঘর্ষত মৃতকৰ সংখ্যা ১১৫জনলৈ বৃদ্ধি পাইছে৷ ইপিনে, ছাত্র বিদ্রোহত বাংলাদেশত পৰিস্থিতি জটিলৰ পৰা জটিলতৰ হৈ পৰাৰ পৰিপ্রেক্ষিতত সমগ্র দেশতে অনির্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰা হৈছে৷ সমগ্র দেশতেই পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সেনা মোতায়েন কৰা হৈছে৷ ৰাজধানী চহৰত ইতিমধ্যে জনসমাগম নিষিদ্ধ কৰা হৈছিল যদিও প্রতিবাদী ছাত্র সমাজে চৰকাৰবিৰোধী স্থিতি লৈ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে৷ আৰক্ষী, বিডিজি, ৰায়ত পুলিচ, আৰএপি মোতায়েন কৰিও পৰিস্থিতি নিয়ন্ত্রণ কৰিব নোৱাৰাত অৱশেষত আজি প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ চৰকাৰে সমগ্র দেশতে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সেনা মোতায়েন কৰিছে৷ ৰে’লকে ধৰি যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে ব্যাহত হোৱাৰ উপৰি যোগাযোগ ব্যৱস্থা বন্ধ হৈ আছে দেশখনত৷ আনহাতে, ছাত্র বিদ্রোহত ৰক্তাক্ত হৈ উঠা বাংলাদেশৰ পৰিস্থিতি সন্দর্ভত আজি ৰাষ্ট্রসংঘই প্রতিক্রিয়া ব্যক্ত কৰিছে৷ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই ছাত্রৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি পৰিস্থিতি নিয়ন্ত্রণৰ বাবে চৰকাৰখনক আলোচনাৰ পন্থা ল’বলৈ পৰামর্শ আগবঢ়াইছে৷ ইপিনে, অশান্ত বাংলাদেশৰ পৰা ভাৰতীয় শিক্ষার্থী কালিৰে পৰা স্বদেশলৈ উভতি অহাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ শৈক্ষিক প্রতিষ্ঠানসমূহ অনির্দিষ্টকাললৈ বন্ধ দিয়াৰ পৰিপ্রেক্ষিতত কালিৰে পৰা আজিলৈকে প্রায় এহাজাৰ ভাৰতীয় শিক্ষার্থী স্বদেশলৈ উভতি আহিছে৷ স্থলপথেৰে বাংলাদেশৰ পৰা স্বদেশলৈ উভতি অহা ভাৰতীয় শিক্ষার্থীৰ সংখ্যা ৯৯৮৷ তথ্য মতে, চিটাগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাৰ পৰা এই শিক্ষার্থীসকল স্বদেশলৈ উভতি আহিছে৷ ভাৰতীয় দূতাৱাসে প্রকাশ কৰা মতে, বাংলাদেশত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থী আছে ৮৫০০ আৰু নাগৰিক আছে ১৫ হাজাৰৰ অধিক৷ ভাৰতীয় লোকৰ সৈতে দূতাৱাসে অহৰহ সম্পর্ক ৰক্ষা কৰি আছে৷ উল্লেখ্য যে মুক্তিযোদ্ধা পৰিয়াললৈ ৩০ শতাংশ চৰকাৰী চাকৰিত সংৰক্ষণসহ বিভিন্ন সংৰক্ষণ ব্যৱস্থা যোৱা জুন মাহত হাছিনা চৰকাৰে বলৱৎ কৰিছিল৷ ইয়াকে লৈ দেশখনৰ ছাত্র সমাজ বিদ্রোহত নামি পৰিছে৷ উনুকিয়াব লাগিব যে চৰকাৰী চাকৰিত সংস্থাপন ব্যৱস্থা ২০১৮ চনত প্রত্যাহাৰ কৰা হৈছিল যদিও হাছিনা চৰকাৰে যোৱা জুন মাহত এই ব্যৱস্থা পুনৰ প্রৱর্তন কৰাক লৈ ছাত্র সমাজৰ মাজত বিদ্রোহে উক দিয়ে আৰু এই বিদ্রোহে এতিয়া বাংলাদেশক ৰক্তাক্ত কৰি তুলিছে৷ প্রতিবাদী ছাত্র সমাজে দাবী কৰা মতে, চৰকাৰী চাকৰিত ৩০ শতাংশ মুক্তিযোদ্ধা পৰিয়ালৰ বাবে সংৰক্ষিত ব্যৱস্থাই শাসকীয় হাছিনাৰ দল আৱামী লীগক লাভৱান্বিত কৰিব৷ দেশখনত বৃদ্ধি পাই থকা যুৱ শিক্ষিত নিবনুৱাৰ জীৱন অনিশ্চয়তাৰ দিশে আগবঢ়াই লৈ যাব৷ মুক্তিযোদ্ধা পৰিয়ালৰ বাবে সংৰক্ষিত ব্যৱস্থাটো আঁতৰোৱাৰ দাবী ছাত্র সমাজে কৰিছে৷ ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশ স্বাধীন হোৱাত যিসকলে গুৰুত্বপূর্ণ ভূমিকা লৈছিল সেইসকলৰ পৰিয়ালে চৰকাৰী চাকৰিত অধিক লাভৱান্বিত হ’ব৷ ফলত দেশখনত মেধাৱী শিক্ষার্থী বৈষম্যৰ বলি হ’ব৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থা পুনৰ বাহাল কৰাৰ পাছতেই দেশখনত ছাত্র বিদ্রোহে চূড়ান্ত ৰূপ লৈছে৷ ১৭০ নিযুত জনসংখ্যাৰ দেশখনত বর্তমান প্রায় ৩২ নিযুত যুৱ সংস্থাপনহীন হৈ আছে৷ এনে পৰিপ্রেক্ষিতত হাছিনা চৰকাৰৰ পদক্ষেপ অগ্রহণযোগ্য বুলি অভিযোগ কৰি ছাত্র সমাজে সংৰক্ষণ ব্যৱস্থা প্রত্যাহাৰৰ দাবীৰে জুলাইৰ প্রথমৰ পৰাই আন্দোলনত নামি পৰে৷ আন্দোলনত নমা শিক্ষার্থীৰ ওপৰত হাছিনা চৰকাৰৰ আৰক্ষীয়ে দমনমূলক নীতি গ্রহণ কৰাৰ পৰিপ্রেক্ষিততেই পৰৱর্তী পর্যায়ত এই আন্দোলনে ভয়াৱহ ৰূপ লৈছে৷ প্রতিদিনেই দেশখনৰ আন্দোলনৰ সময়ত হিংসাত্মক কার্যকলাপ সংঘটিত হৈ আহিছে৷ নিৰাপত্তা বাহিনীক প্রত্যাহ্বান জনাই ছাত্র সমাজে চৰকাৰী সা–সম্পত্তি বিধ্বস্ত কৰি আছে৷ পৰিস্থিতি জটিল হৈ পৰাত অৱশেষত সমগ্র দেশতে সান্ধ্য আইন বলৱৎ কৰা হৈছে৷

You might also like