নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবিৰোধী স্থিতি লৈ পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বাংলাদেশৰ

🔹 পাক শিক্ষার্থীৰ নিষেধাজ্ঞা প্রত্যাহাৰ ঢাকা বিশ্ববিদ্যালয়ৰ

নিউজ ডেস্ক, ১৯ নৱেম্বৰ : ভাৰতবিৰোধী স্থিতি লৈ পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বঢ়াইছে বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰে৷ নতুন বাংলাদেশ আখ্যা দিয়া ইউনুছ চৰকাৰে পাকিস্তানৰ পৰা জাহাজেৰে সামগ্রী আমদানি নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ পাছত এইবাৰ ঢাকা বিশ্ববিদ্যালয়ে পাক শিক্ষার্থীৰ অধ্যয়নৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰিলে৷ ভাৰতৰ সহযোগত পাকিস্তানৰ বিৰুদ্ধে সংগ্রাম কৰি স্বাধীন হোৱা বাংলাদেশৰ নতুন চৰকাৰখনে চিৰবৈৰী পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰা বিষয়টোৱে তাৎপর্য বহন কৰিছে৷ স্বাধীনতা সংগ্রামীৰ পৰিয়ালৰ চাকৰিৰ সংৰক্ষণৰ শতাংশ হ্রাস কৰাৰ লগতে চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰে চলা ছাত্র বিক্ষোভৰ ফলত শ্বেইখ হাছিনাই প্রধানমন্ত্রী পদ ত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছে৷ ইয়াৰ পিছতেই ইউনুছৰ নেতৃত্বত চৰকাৰ গঠন হয় আৰু নতুন বাংলাদেশ আখ্যাৰে চিৰবৈৰী পাকিস্তানৰ সৈতে সম্পর্ক বৃদ্ধি কৰিছে৷

You might also like