গণৰোষত বাংলাদেশৰ প্রধানমন্ত্রী পদ এৰিলে শ্বেইখ হাছিনাই
🔹 নিৰাপত্তাৰ বাবে ভগ্নীৰে হেলিকপ্টাৰত উঠি দেশ এৰিলে হাছিনাই
🔹 হাছিনাৰ চৰকাৰী বাসগৃহত লুটপাত, বিছনা দখল
🔹 ৰন্ধনশালত খালে ভোজ, ছুইমিং পুলত সাঁতুৰি প্রতিবাদকাৰীৰ উল্লাস
নিউজ ডেস্ক, ৫ আগষ্ট : প্রবল গণৰোষত পৰি ক্ষমতা হেৰুৱাবলগীয়া হ’ল বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাই৷ দেশজুৰি নজিৰবিহীন বিক্ষোভ আৰু সংঘর্ষৰ মাজতে আজি প্রধানমন্ত্রী শ্বেইখ হাছিনাই পদত্যাগ কৰি নিৰাপদ আশ্রয় বিচাৰি ভগ্নীৰ সৈতে সেনাৰ হেলিকপ্টাৰ এখন লৈ দেশ ত্যাগ কৰে৷ আৰম্ভণিতে হাছিনাই ভাৰতৰ ত্রিপুৰাৰ ৰাজধানী আগৰতলা অভিমুখে যাত্রা কৰা বুলি দেশখনৰ সংবাদ মাধ্যমে দাবী কৰিছে৷ ইয়াৰ পিছতে হাছিনাই দিল্লী অভিমুখে যাত্রা কৰি তাৰ পৰা লণ্ডনলৈ উৰা মাৰিব বুলি বিভিন্ন সূত্রই সদৰী কৰিছে৷ দীর্ঘদিন ধৰি চৰকাৰী চাকৰিত সংৰক্ষণৰ সংস্কাৰৰ দাবীত ছাত্র–যুৱ সমাজে প্রতিবাদ সাব্যস্ত কৰি আহিছে বাংলাদেশত৷ যোৱা মাহত আৰম্ভণিতে এই বিক্ষোভে ব্যাপক ৰূপ ধাৰণ কৰে৷ ১৫ জুলাইৰ পৰা এই বিক্ষোভ হৈ পৰে ৰক্তক্ষয়ী সংঘর্ষ৷ শাসকীয় আৱামী লীগৰ ছাত্র সংগঠন আৰু বিৰোধী ৰাজনৈতিক দল–সংগঠনসমূহ কর্মীৰ মাজত সৃষ্টি হয় সংঘর্ষ৷ এই সংঘর্ষৰ ফলত প্রথম পর্যায়ৰ আন্দোলনত দুই শতাধিক লোক নিহত হয়৷ নিহতসকলৰ ভিতৰত শাসকীয় দলৰ সাংসদ তথা ৰাজনৈতিক কর্মীও আছে৷ ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূর্ণ ৰায়দান কৰি সংৰক্ষণ ব্যৱস্থা ৫৬ শতাংশৰ পৰা ৭ শতাংশলৈ হ্রাস কৰে যদিও সম্পূর্ণ সংৰক্ষণ বাতিলৰ দাবী তোলে ছাত্র–যুৱ সংগঠনবোৰে৷ এই দাবীৰ প্রতি সমর্থন জনায় বিৰোধী ৰাজনৈতিক দলসমূহে৷ ইয়াৰ মাজতে বিৰোধী দল তথা ছাত্র–যুৱ সংগঠনসমূহে হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত কালি দেশজুৰি বিক্ষোভ সংগঠিত কৰে৷ এই বিক্ষোভে ভয়াৱহ ৰূপ ধাৰণ কৰে সমগ্র বাংলাদেশত৷ আৰক্ষী আৰু শাসকীয় দলৰ কর্মী–সমর্থকসকলৰ বিক্ষোভ দমন কৰিবলৈ তৎপৰ হৈ পৰে যদিও প্রতিবাদী জনতায়ো হিংস্রতাৰ পথ গ্রহণ কৰি বিভিন্ন চহৰত লিপ্ত হয় সংঘর্ষত৷ মাত্র এটা দিনতে অর্থাৎ কালি বাংলাদেশত এই সংঘর্ষৰ ফলত প্রাণ হেৰুৱায় ৯৮গৰাকী লোকে৷ আজি বিক্ষোভে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে৷ বিক্ষোভ–সংঘর্ষত ১৪গৰাকী আৰক্ষী, সাতগৰাকী সাংসদ, জনপ্রতিনিধি তথা ৰাজনৈতিক কর্মীও নিহত হয়৷ কালিৰ ভয়াৱহ পৰিস্থিতিৰ বাবেই সমগ্র দেশত অনির্দিষ্টকালৰ বাবে চৰকাৰে সান্ধ্য আইন জাৰি কৰে৷ কিন্তু আজি পৰিস্থিতি অধিক জটিল হৈ পৰে৷ বিক্ষুব্ধ জনতা অধিক হিংস্র হৈ পৰা দেখা যায় আজিৰ দিনটোত৷ ৰাজনৈতিক নেতা–সাংসদ তথা মন্ত্রীসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লয় প্রতিবাদকাৰীয়ে৷ বিভিন্ন স্থানত বাহন তথা চৰকাৰী প্রাসাদত অগ্নিসংযোগ কৰে হাজাৰ হাজাৰ প্রতিবাদকাৰীয়ে৷ ইয়াৰ মাজতে ৰাজধানী ঢাকাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে৷ ঢাকাৰ নজিৰবিহীন অস্থিৰতাৰ মাজতে সেনাই চৰকাৰক উৎখাত কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰি দিয়ে৷ লক্ষণীয়ভাৱে সেনাই হাছিনাক প্রধানমন্ত্রী পদ এৰিবলৈ ৪৫ মিনিট সময় বান্ধি দিয়ে৷ এই ৪৫ মিনিট সময়ৰ ভিতৰতে প্রধানমন্ত্রীৰ পদ ত্যাগ কৰি শ্বেইখ হাছিনাই নিজৰ ভগ্নীৰ সৈতে ২০ মিনিট পাছতে সেনা হেলিকপ্টাৰ লৈ জীৱনৰ নিৰাপত্তাৰ বাবে ঢাকা ত্যাগ কৰে৷ প্রধানমন্ত্রী হাছিনাই সেনাৰ হেলিকপ্টাৰ এখনেৰে ভগ্নীৰ সৈতে ভাৰত অভিমুখে উৰা মৰাৰ পাছতে স্থলসেনাৰ মুৰব্বী ৱাকাৰ–উজ–জামানে দেশবাসীক সম্বোধি কয় যে শীঘ্রে এখন অন্তৰ্ৱর্তী চৰকাৰ গঠন কৰা হ’ব৷ বিৰোধী ৰাজনৈতিক দলসমূহে এইক্ষেত্রত ৱাকাৰ–উজ–জামানৰ সৈতে বার্তালাপ কৰা বুলিও জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে ৭৬ বছৰীয়া হাছিনাই আজি প্রধানমন্ত্রী পদ ত্যাগ কৰাৰ পাছতে প্রতিবাদী ছাত্র তথা যুৱ সমাজে এখন অন্তৰ্ৱর্তী গণতান্ত্রিক চৰকাৰ গঠন হ’ব লাগে বুলি দাবী জনাইছে৷ হাছিনাই দেশ ত্যাগ কৰাৰ মাত্র কেইমিনিটমান পাছতে হাজাৰ হাজাৰ প্রতিবাদকাৰীয়ে প্রধানমন্ত্রীগৰাকীৰ চৰকাৰী বাসগৃহ গণভৱন দখল কৰি তাত আৰম্ভ কৰে লুটপাত৷ অকল সেয়াই নহয়, হাছিনাৰ বাসগৃহৰ ৰন্ধনশালাত প্রৱেশ কৰি প্রতিবাদকাৰীয়ে মাছ–মঙহেৰে ভোজন কৰাৰ ভিডিঅ’ও ভাইৰেল হৈ পৰিছে৷ ইফালে, প্রতিবাদকাৰীয়ে হাছিনাৰ শোৱনি কোঠাত প্রৱেশ কৰি বিছনা দখল কৰাৰ লগতে গণভৱনৰ লগতে লাগি থকা ছুইমিং পুলত সাঁতুৰি থকাও দেখিবলৈ পোৱা গৈছে বিভিন্ন আলোকচিত্র আৰু ভিডিঅ’ত৷ অশান্ত দেশখনৰ পৰিস্থিতি এতিয়া কোন দিশে গতি কৰিব, সেয়া এই মুহূর্ততে ক’ব নোৱাৰি৷ ইফালে, দেশত্যাগী হাছিনাই লণ্ডনত গৈ আশ্রয় বিচাৰিব বুলি বাংলাদেশৰ সংবাদ মাধ্যমে দাবী কৰি আছে৷ প্রতিবেশী ভাৰতৰ সৈতে বন্ধুত্ব থাকিলেও এই বাতৰি যুগুতোৱাৰ পৰলৈ ভাৰতত আনুষ্ঠানিকভাৱে আশ্রয় বিচৰা নাই নেত্রীগৰাকীয়ে৷ কিন্তু যেতিয়ালৈকে শ্বেইখ হাছিনাই লণ্ডনত আনুষ্ঠানিকভাৱে আশ্রয় গ্রহণৰ অনুমতি নাপায়, তেতিয়ালৈ ভাৰততে অন্তর্ৱর্তীকালীন ঠিকনা হ’ব পাৰে নেত্রীগৰাকীৰ৷ হাছিনাক ভাৰতত অন্তর্ৱর্তী আশ্রয় দান কৰিবলৈ নতুন দিল্লী প্রশাসনে সন্মতি প্রদান কৰিব বুলি জানিব পৰা গৈছে৷ বাংলাদেশৰ এই অগ্নিগর্ভ পৰিস্থিতিৰ মাজতে প্রতিবেশী ভাৰতৰ নাগৰিকসকলক দেশখন ভ্রমণ নকৰিবলৈ আহ্বান জনাইছে নতুন দিল্লী প্রশাসনে৷