চীনৰ সহায়ত উত্তৰ–পূব দখল কৰিব বাংলাদেশে
🔹 বাংলাদেশ চৰকাৰৰ মুৰব্বী ইউনুছৰ ঘনিষ্ঠৰ মন্তব্য
নিউজ ডেস্ক, ৪ মে’ : জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ আক্রমণৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত আসন্ন যুদ্ধৰ সময়তে উত্তৰ–পূবক লৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে বাংলাদেশ চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ এগৰাকী ঘনিষ্ঠই৷ মহম্মদ ইউনুছৰ ঘনিষ্ঠ অৱসৰপ্রাপ্ত মেজৰ জেনেৰেল এএলএম ফজলুৰ ৰহমানে সামাজিক মাধ্যমযোগে বিস্ফোৰক মন্তব্য আগবঢ়াই কয় যে যদি ভাৰতে পাকিস্তান আক্রমণ কৰে, তেতিয়াহ’লে চীনৰ সহযোগত বাংলাদেশে উত্তৰ–পূব দখল কৰিব৷ ইউনুছৰ ঘনিষ্ঠ অৱসৰপ্রাপ্ত মেজৰ জেনেৰেল ৰহমানে মত ব্যক্ত কৰি কয় যে পেহেলগাম কাণ্ডক লৈ ভাৰতে যদি পাকিস্তানক আক্রমণ কৰে, তেতিয়াহ’লে বাংলাদেশে চীনৰ সহযোগত উত্তৰ–পূব দখল কৰাৰ পৰিকল্পনা ল’ব৷ ইউনুছৰ ঘনিষ্ঠ ৰহমানে বাংলা ভাষাতে এই বিস্ফোৰক মন্তব্য আগবঢ়োৱাৰ পিছত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাত বাংলাদেশ চৰকাৰে এই মন্তব্যৰ পৰা নিজকে একাষৰীয়া কৰিছে৷ মন কৰিবলগীয়া যে সামাজিক মাধ্যমত অৱসৰপ্রাপ্ত মেজৰ জেনেৰেলগৰাকীয়ে কয় যে ভাৰত–পাকিস্তানৰ যুদ্ধ আসন্ন হোৱাৰ সময়তে বাংলাদেশে চীনৰ সৈতে সামৰিক সহযোগিতা সন্দর্ভত আলোচনা কৰা উচিত৷ অর্থাৎ দুয়ো দেশে যৌথ সামৰিক অভিযানেৰে উত্তৰ–পূব দখল কৰিব লাগে৷ স্মর্তব্য যে কিছুদিন পূর্বে চীন ভ্রমণ সামৰি অহা বাংলাদেশ চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে উত্তৰ–পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে বেইজিঙক পদক্ষেপ গ্রহণ কৰাৰ বাবেও পৰামর্শ আগবঢ়াইছিল৷ এই লৈ ভাৰতত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ উল্লেখনীয় যে ছাত্র বিদ্রোহৰ ফলত প্রধানমন্ত্রী পদ এৰি শ্বেইখ হাছিনাই ভাৰতত আশ্রয় লোৱাৰ পিছত বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তর্ৱর্তীকালীন চৰকাৰ গঠন হৈছে৷ কট্টৰ ইছলামপন্থী সংগঠনৰ বাবে মহম্মদ ইউনুছে ভাৰতবিৰোধী স্থিতি গ্রহণ কৰি পাকিস্তানৰ মিত্র হোৱাৰ বাবে আগবাঢ়িছে৷ বাংলাদেশৰ চিৰশত্রু পাকিস্তানৰ সৈতে ইতিমধ্যে ইউনুছে বহু ক্ষেত্রত সম্পর্ক স্থাপন কৰিছে৷ চীন আৰু পাকিস্তানৰ সৈতে মধুৰ সম্পর্ক থকা ইউনুছৰ ঘনিষ্ঠ এগৰাকীয়ে কৰা মন্তব্যই নিশ্চয়কৈ বিবেচনাৰ বিষয়৷ বাংলাদেশ অন্তর্ৱর্তী ৰাষ্ট্রীয় স্বতন্ত্র আয়োগৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি থকা অৱসৰপ্রাপ্ত মেজৰ জেনেৰেল ৰহমানৰ বিস্ফোৰক মন্তব্যক উলাই কৰিব নোৱাৰি৷ কিয়নো ইতিমধ্যে ভাৰতৰ চিকেন নেকৰ সমীপত পাকিস্তানী আইএছআই আৰু বাংলাদেশৰ সামৰিক বাহিনীৰ শীর্ষ বিষয়াই বৈঠকো অনুষ্ঠিত কৰিছে৷ এনে পৰিপ্রেক্ষিতত বাংলাদেশ চৰকাৰৰ মুৰব্বী ইউনুছৰ ঘনিষ্ঠ অৱসৰপ্রাপ্ত মেজৰ জেনেৰেল ৰহমানৰ বিস্ফোৰক মন্তব্যই নতুন দিল্লীক উদ্বিগ্ণ কৰি তুলিছে৷