নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত কঠোৰ নিৰাপত্তাৰ মাজত সংখ্যালঘু হিন্দুৰ দুর্গাপূজা

🔹 দেশখনত ৩১,৪৬১টা মণ্ডপত দুর্গতিনাশিনীৰ পূজা

নিউজ ডেস্ক, ৯ অক্টোবৰ : মৌলবাদী সংগঠনে বাংলাদেশত হিন্দু সম্প্রদায়ে আয়োজন কৰা দুর্গাপূজা কমিটীক ধনদাবীৰে হুমকি দিয়াৰ পাছত কঠোৰ নিৰাপত্তাৰ মাজত দেশখনত আৰম্ভ হৈছে দুর্গাপূজা৷ ছাত্র বিক্ষোভৰ ফলত প্রধানমন্ত্রী পদ এৰি শ্বেইখ হাছিনাই ভাৰতলৈ পলায়ন কৰাৰ পাছত বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত অকথ্য নির্যাতন চলোৱাৰ বিশ্বজুৰি প্রতিক্রিয়াৰ মাজতে দুর্গতিনাশিনী দেৱী দুর্গাৰ পূজা ব্যাপক উলহ-মালহেৰে আয়োজন কৰিছে৷ দেশখনত বিগত বর্ষৰ লেখিয়াই হিন্দু সম্প্রদায়ে প্রান্তে প্রান্তে দুর্গাপূজাৰ আয়োজন কৰিছে৷ তথ্য মতে, বাংলাদেশত চলিত বর্ষত ৩১,৪৬১টা মণ্ডপত দেৱী দুর্গাৰ পূজাৰ আয়োজন কৰা হৈছে৷ ৰাজধানী ঢাকাতেই ২৫২ মণ্ডপত দেৱী দুর্গা বন্দনা চলিছে৷ বাংলাদেশৰ অন্তৰ্ৱর্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ নির্দেশত দুর্গাপূজাস্থলীত কঠোৰ নিৰাপত্তা ব্যৱস্থা প্রদান কৰা হৈছে৷ যোৱা ২ অক্টোবৰত মহালয়াৰ পাছত আজিৰে পৰা শনিবাৰলৈকে ৫ দিনীয়াকৈ দেশখনৰ পূজাস্থলীত দেৱী দুর্গাৰ বন্দনা চলিব৷ বাংলাদেশ চৰকাৰৰ মুৰব্বী ইউনুছৰ নির্দেশ মতে, পূজাস্থলীসমূহত আৰক্ষীৰ লগতে আন সশস্ত্র বাহিনী মোতায়েন কৰা হৈছে৷ স্পর্শকাতৰ বুলি চর্চিত পূজাস্থলীসমূহৰ আশে-পাশে সেনা বাহিনী আৰু বিজিডি মোতায়েন কৰা হৈছে৷ তাৎপর্যপূর্ণ যে হিন্দু সম্প্রদায়ৰ ওপৰত চলা নির্যাতনে বিশ্বজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে এইবেলি বাংলাদেশত দুর্গাপূজাৰ সময়ত চৰকাৰী চাকৰিয়ালসকলৰ বাবে প্রথমবাৰৰ বাবে এদিন অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে৷ স্বাভাৱিকতে দেশখনত পূজাৰ বাবে এদিন বন্ধ দিয়া হৈছিল যদিও এইবেলি দুদিন বন্ধ দিয়া হৈছে৷ সপ্তাহটোত পূজাত দুদিন বন্ধ আৰু দুদিন চৰকাৰী বন্ধ থকাৰ পৰিপ্রেক্ষিতত চাৰি দিন ধৰি পূজাৰ সময়ত চৰকাৰী কার্যালয়সমূহ বন্ধ থাকিব৷ এই পূজাৰ বন্ধ ঘোষণা কৰাৰ সময়তে চৰকাৰৰ মুৰব্বী ইউনুছৰ প্রেছ সচিব আবুল কালাম আজাদে চৰকাৰৰ তৰফৰ পৰা আন এক ঘোষণা আগবঢ়াইছে৷ এই ঘোষণা অনুসৰি হিংসাৰ ফলত ক্ষতিগ্রস্ত হোৱা হিন্দু পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ দিব৷ পূজাৰ সময়ত অঘটনৰ শংকাৰ প্রতি লক্ষ্য ৰাখি হিন্দু সম্প্রদায়ৰ সংগঠনসমূহে চৰকাৰৰ ওচৰত আবেদন জনোৱাৰ পাছতেই চৰকাৰখনে পূর্বৰ দৰেই এইবেলিও দুর্গাপূজা সম্প্রদায়টোৱে ধর্মীয় পৰম্পৰাৰে উলহ-মালহেৰে উদযাপন কৰিব পাৰিব বুলি নিশ্চিতি দিছে চৰকাৰে৷ সেইমর্মে প্রতিখন পূজাস্থলীতে নিৰাপত্তা বাহিনী মোতায়েন কৰি কোনোধৰণৰ অঘটন যাতে সংঘটিত হ’ব নোৱাৰে,, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে চৰকাৰে৷

You might also like