নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰুছিয়া ড’ৰ্টমুণ্ডক ৪ গ’ল দি ছেমিৰ দিশে বার্চিলোনা

🔹 চেম্পিয়নছ লীগ : পিএছজিৰ হাতত পৰাস্ত এষ্টন ভিল্লা

নিউজ ডেস্ক, ১১ এপ্রিল : বার্চিলোনাই উৱেফা চেম্পিয়নছ লীগৰ ছেমিফাইনেলত প্রৱেশ কৰাৰ আশা সজীৱ কৰি তুলিছে৷ বুধবাৰে নিশা বার্চিলোনাত অনুষ্ঠিত কোৱার্টাৰ ফাইনেলৰ প্রথম লেগৰ মেচখনত ঘৰুৱা দলটোৱে ব’ৰুছিয়া ডর্টমুণ্ডক ৪–০ গ’লত বিধ্বস্ত কৰি গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰে৷ একপক্ষীয় মেচখনত বার্চিলোনাৰ হৈ তাৰকা খেলুৱৈ ৰ’বার্ট লেৱানডস্কীয়ে দুটাকৈ গ’ল স্ক’ৰ কৰে৷ ২৫ মিনিটত ৰাফিনহাই গ’ল স্ক’ৰ কৰি বার্চিলোনাক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ প্রথমার্ধত ঘৰুৱা দলটোৱে ১–০ গ’লত অগ্রগতি লাভ কৰে যদিও দ্বিতীয়ার্ধত আক্রমণৰ চোক বৃদ্ধি কৰি তোলে৷ গ’লৰ সন্ধানত থকা বার্চিলোনাই ৪৮ মিনিটত আন এক সফলতা লাভ কৰে৷ লেৱানডস্কীয়ে গ’ল স্ক’ৰ কৰি দলটোক ২–০ গ’লত অগ্রগতি প্রদান কৰাৰ পাছত ৬৬ মিনিটত লেৱানডস্কীয়ে ব্যক্তিগতভাৱে দ্বিতীয়টো গ’ল স্ক’ৰ কৰি দলটোক ৩–০ গ’লত অগ্রগতি প্রদান কৰি বিজয় প্রায় নিশ্চিত কৰি তোলে৷ ইপিনে, ৭৭ মিনিটত লামিন য়ামালে গ’ল স্ক’ৰ কৰাত মেচখনত বার্চিলোনাই ৪–০ গ’লত জয়লাভ কৰে৷ অৱশ্যে ড’ৰ্টমুণ্ডে গ’ল স্ক’ৰ কৰাৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও সফলতাৰ মুখ নেদেখিলে৷ মেচখনত বিজয় সাব্যস্ত কৰি বার্চিলোনাই একেৰাহে ২৩খন মেচত অপৰাজিত হৈ আছে৷ উল্লেখ্য যে ২০১৯ চনৰ পিছত বার্চিলোনাই প্রথমবাৰৰ বাবে চেম্পিয়নছ লীগৰ ছেমিফাইনেলত প্রৱেশ কৰাৰ দিশে আগবাঢ়িছে৷ ইফালে, যোৱানিশা পেৰিছত অনুষ্ঠিত কোৱার্টাৰ ফাইনেলৰ প্রথম লেগৰ মেচখনত ঘৰুৱা দল পেৰিছ ছেইণ্ট জার্মেইনে এষ্টন ভিল্লাক ৩–১ গ’লত পৰাস্ত কৰি ছেমিত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷

You might also like