নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবিচি ইণ্ডিয়াক ৩.৪৪ কোটি টকা জৰিমনা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

🔹 বিদেশী পুঁজি বিনিয়োগ কৰা সম্পর্কীয় দুর্নীতিৰ অভিযোগ

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : বিদেশী বিনিয়োগ সম্পর্কীয় দুর্নীতিৰ অভিযোগত বিবিচি ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ আন্তর্জাতিক এই সংস্থাৰ ভাৰতীয় শাখাক পৰহি প্রায় ৩ কোটি ৪৫ লাখ টকা জৰিমনা বিহিছে ইডিয়ে৷ অকল সেয়াই নহয়, এই সংস্থাটোৰ তিনিজন সঞ্চালককো ১.১৪ কোটি টকা জৰিমনা বিহিছে ইডিয়ে৷ ইয়াৰ ফলত তীব্র চাপৰ সন্মুখীন হৈছে বিবিচি ইণ্ডিয়া৷ ২০২৩ চনৰ এপ্রিল মাহৰ পৰা বিবিচিৰ বিৰুদ্ধে তদন্ত চলাইছিল কেন্দ্রীয় তদন্তকাৰী সংস্থা ইডিয়ে৷ বিবিচিৰ বিৰুদ্ধে অভিযোগ উঠে যে বিদেশী মুদ্রা বিনিয়োগ সম্পর্কীয় নীতিক অমান্য কৰা হৈছে৷ ২০১৯ চনত জাৰি কৰা নিয়ম অনুসৰি কোনো ডিজিটেল মিডিয়া সংস্থাই সর্বোচ্চ ৬০ শতাংশ বিদেশী বিনিয়োগ কৰিব পাৰে৷ কিন্তু সেই নিয়ম অমান্য কৰি বিবিচি ইণ্ডিয়াৰ নিজৰ সংস্থাক এশ শতাংশ বিদেশী বিনিয়োগ জাৰি ৰখা হৈছিল৷ এয়া সম্পূর্ণৰূপে অবৈধ৷ ইয়াৰ পৰিপ্রেক্ষিতত আন্তর্জাতিক সংস্থাটোৰ ভাৰতীয় শাখাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিলে ইডিয়ে৷ ইডিৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে বিদেশী বিনিয়োগ সম্পর্কীয় নীতি অমান্য কৰাৰ অপৰাধত বিবিচি ইণ্ডিয়াক ৩,৪৪,৪৮,৮৫০ টকা জৰিমনা বিহা হৈছে৷ ইয়াৰ লগতে ২০২১ চনৰ ১৫ অক্টোবৰৰ পৰা কেন্দ্রৰ নির্দেশ অমান্য কৰাৰ অপৰাধত প্রতিদিনে পাঁচ হাজাৰ টকাকৈ অতিৰিক্ত জৰিমনা বিহা হৈছে সংস্থাটোক৷ অকল সেয়াই নহয়, এই সংস্থাৰ তিনিগৰাকী সঞ্চালক জাইলছ এণ্টনী হাণ্ট, ইন্দু শেখৰ সিন্হা আৰু পল মাইকেল গিব্বন্সক ব্যক্তিগতভাৱে ১,১৪,৮২,৯৫০ টকা জৰিমনা বিহা হৈছে৷ লক্ষণীয় যে ভাৰতৰ মাটিত বিবিচিৰ বিতর্ক নতুন নহয়৷ ২০২৩ চনত বিবিচিৰ তথ্যচিত্র ‘ইণ্ডিয়া, দ্য মোদী কোৱেছনছ’–এ দেশজুৰি বিতর্কৰ সৃষ্টি কৰিছিল৷ এই তথ্যচিত্রত গোধ্ৰা কাণ্ডত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্রী নৰেন্দ্র মোদীৰ ভূমিকাক লৈ প্রশ্ণ তোলা হৈছিল৷ ইয়াৰ পিছতে বিবিচি ইণ্ডিয়াৰ দিল্লী আৰু মুম্বাইৰ কার্যালয়ত তালাচী চলাইছিল আয়কৰ বিভাগে৷ তেতিয়াই বিবিচি ইণ্ডিয়াই চল্লিশ কোটি টকাৰ কৰ ফাঁকি দিয়া বুলি অভিযোগ অনা হৈছিল৷

You might also like