মোদীৰ তথ্যচিত্র বিতর্কৰ মাজতে বিবিচিৰ দিল্লী-মুম্বাই কার্যালয়ত আয়কৰৰ অভিযান
বিশেষ বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ গ্রেট ব্রিটেইনৰ লণ্ডনস্থিত ব্রিটিছ ব্রডকাষ্টিং কর্প’ৰেচন, চমুকৈ বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কার্যালয়ত আয়কৰ বিভাগে অভিযান চলোৱাক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা অৱস্থাত সংঘটিত এক সংঘর্ষক লৈ বিবিচিয়ে প্রচাৰ কৰা তথ্যচিত্রক লৈ কেন্দ্রীয় চৰকাৰ সৰৱ হৈ থকাৰ সময়তে আজি আয়কৰ বিভাগে বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কার্যালয়ত তালাচী চলায়৷ কেইবাঘণ্টা ধৰি চলোৱা তালাচীৰ সময়ত দুয়োটা কার্যালয়ৰ কর্মচাৰীক ঘৰলৈ যাবলৈ দি ম’বাইল ফোন আৰু লেপটপ জব্দ কৰে৷ মুম্বাই আৰু দিল্লীৰ বিবিচিৰ কার্যালয়ত প্রায় একে সময়তে আয়কৰ বিভাগৰ কেইবাটাও দলে অভিযান চলায়৷ দিল্লীৰ কার্যালয়ত ২৪ আয়কৰ বিভাগৰ বিষয়া–কর্মচাৰীয়ে চাৰিটা দলত বিভক্ত হৈ অভিযান চলোৱাৰ সময়ত কর্মচাৰীসকলক বাহিৰলৈ যাবলৈ দিয়া হয় আৰু কোনো লোককে বাহিৰৰ পৰা ভিতৰত প্রৱেশ কৰিবলৈ দিয়া হোৱা নাছিল৷ কার্যালয়টোৰ কম্পিউটাৰৰ তথ্য আৰু একাউণ্টৰ সকলো তথ্য আয়কৰ বিভাগে জব্দ কৰে৷ ঠিক তেনেদৰে মুম্বাইৰ কার্যালয়তো আয়কৰ বিভাগৰ দলে অভিযান চলাই একেই ব্যৱস্থা লয়৷ আয়কৰ বিভাগে প্রকাশ কৰা মতে, বিবিচিৰ আন্তর্জাতিক কৰ আদায় আৰু মূল্য হস্তান্তৰ প্রক্রিয়াক লৈ দুয়োটা কার্যালয়তে অভিযান চলোৱা হৈছে৷ কিন্তু প্রধানমন্ত্রী মোদীৰ তথ্যচিত্রক লৈ বিবিচিৰ সৈতে সংঘাত চলি থকাৰ সময়তে আয়কৰ বিভাগৰ এই অভিযানে আন এক ইংগিত প্রদান কৰিছে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিবিচিয়ে ২০০২ চনৰ গুজৰাট সংঘর্ষক লৈ নির্মাণ কৰি প্রচাৰ কৰা তথ্যচিত্রক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ কেইঘণ্টামান পাছতে দিল্লী আৰু মুম্বাইৰ বিবিচিৰ কার্যালয়ত আয়কৰৰ অভিযান চলে৷ সংবাদ মাধ্যমৰ ওপৰত অর্থাৎ বিবিচিৰ কার্যালয়ত আয়কৰ বিভাগে অভিযান চলোৱাৰ পাছতে কংগ্রেছসহ বিৰোধীয়ে শাসকীয় বিজেপি চৰকাৰক গৰিহণা দি সমালোচনা কৰে৷ কংগ্রেছে গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত আক্রমণৰ অভিযোগ উত্থাপন কৰি দেশত অঘোষিত জৰুৰী অৱস্থা চলা বুলি দাবী কৰিছে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে বিবিচিৰ ১০০ বছৰীয়া ইতিহাসত এনে ঘটনা প্রথমবাৰলৈ সংঘটিত হোৱা বুলি মোদী চৰকাৰক গৰিহণা জনাইছে৷ এডিটর্ছ গিল্ড অৱ ইণ্ডিয়াই বিবৃতিযোগে বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কার্যালয়ত আয়কৰ বিভাগৰ অভিযানত গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে৷ কংগ্রেছৰ লগতে বিৰোধী দলসমূহে মোদী চৰকাৰৰ কার্যকালত সংবাদ মাধ্যমৰ ওপৰত প্রৰোচিত আক্রমণ বুলি অভিহিত কৰি চৰকাৰৰ এই কার্যক গৰিহণা জনাইছে৷ কংগ্রেছৰ সভাপতি মল্লিকার্জুন খার্গেই শাসকীয় চৰকাৰে গণতন্ত্রৰ চতুর্থ স্তম্ভৰ ওপৰত আঘাত কৰিছে বুলি কয়৷ ইপিনে, কংগ্রেছসহ বিৰোধীৰ সমালোচনাক প্রত্যুত্তৰ দি কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে আয়কৰ বিভাগে বিবিচিৰ কার্যালয়ত চলোৱা অভিযানক সমর্থন জনায়৷ কংগ্রেছক প্রত্যাহ্বান জনাই বিজেপিৰ মুখপাত্র গৌৰৱ ভাটিয়াই এখন সংবাদ মেলত কয় যে বিশ্বৰ সবাতোকৈ দুর্নীতিগ্রস্ত সংস্থাটোৰ বিৰুদ্ধে আয়কৰ বিভাগে চলোৱা অভিযান বৈধ৷ বিবিচিক সবাতোকৈ ‘ভ্রষ্ট ৱকবাছ কর্প’ৰেচন’ আখ্যা দি বিজেপিৰ মুখপাত্র ভাটিয়াই কয় যে বিবিচিয়ে ভাৰতত সাংবাদিকতাৰ সকলো অধিকাৰ লাভ কৰিছে৷ কিন্তু তেওঁলোকে দেশখনৰ আইনৰ দ্বাৰা বাধ্য হৈ থকা নাই৷ বিবিচিয়ে অপপ্রচাৰ কৰি প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে তথ্যচিত্র নির্মাণ কৰি প্রচাৰ কৰিছে৷ কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি আৰু কংগ্রেছসহ বিৰোধী দলৰ মাজত ছ’চিয়েল মিডিয়াত বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কার্যালয়ত আয়কৰ বিভাগে অভিযান চলোৱাক লৈ বাক্যুদ্ধ চলিছে৷ উল্লেখ্য যে বিবিচিয়ে ২০০২ চনৰ গুজৰাটৰ সংঘর্ষক লৈ ‘ইণ্ডিয়াঃ দ্য মোদী কুৱেচন’ শীর্ষক তথ্যচিত্র এখন দুটা ভাগত সম্প্রচাৰ কৰিছিল৷ এই তথ্যচিত্রখনত গুজৰাটৰ সংঘর্ষৰ সময়ত মুখ্যমন্ত্রী হৈ থকা নৰেন্দ্র মোদীৰ বিৰুদ্ধে বিভিন্ন আপত্তিজনক তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ এই তথ্যচিত্র প্রচাৰ হোৱাৰ পাছতে ভাৰত চৰকাৰে তথ্যচিত্রখন ছ’চিয়েল মিডিয়াত প্রচাৰৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰে৷ ২১ জানুৱাৰীত চৰকাৰে ইউটিউব আৰু টুইটাৰত প্রচাৰিত মোদীৰ তথ্যচিত্রখন নিষিদ্ধ কৰে যদিও ৩ ফেব্রুৱাৰীত উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক কিহৰ ভিত্তিত বিবিচিৰ ডকুমেণ্টৰীখনত নিষেধাজ্ঞা জাৰি কৰা হৈছে তাৰ প্রকৃত তথ্য দাখিল কৰিবলৈ নির্দেশ দিছিল৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় চৰকাৰে তথ্যচিত্রখন নিষিদ্ধ কৰিলেও দিল্লী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, জামিয়া মিলিয়া ইছলামীয়া, আম্বেদকাৰ বিশ্ববিদ্যালয়কে ধৰি দেশৰ বিভিন্ন প্রান্তত শিক্ষার্থীসকলে ৰাজহুৱাকৈ প্রদর্শন কৰি চৰকাৰক প্রত্যাহ্বান জনাইছে৷ দিল্লীকে ধৰি বিভিন্ন স্থানত তথ্যচিত্র ৰাজহুৱা প্রদর্শন কৰা অনেকজনক গ্রেপ্তাৰো কৰা হৈছে৷ বিবিচিৰ তথ্যচিত্রখনক লৈ বিতর্ক চলি থকাৰ মাজতে আজি আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইৰ বিবিচিৰ কার্যালয়ত অভিযান চলোৱাৰ লগে লগে দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷