বেলাৰুছৰ ৰাষ্ট্রপতি লুকাছেনক’ৰ বিৰুদ্ধে নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ৰাজনৈতিক অচলাৱস্থা অব্যাহত থকা পূর্বৰ ছোভিয়েট সদস্য ৰাষ্ট্র বেলাৰুছৰ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ লুকাছেনক’ৰ বিৰুদ্ধে ইউৰোপীয় সংঘ (ইইউ)ই নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে৷ ই ইউৰ বিদেশমন্ত্রীসকলৰ বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা বুলি সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰিছে৷
লক্ষণীয়ভাৱে প্রতিবাদী জনতাৰ বিৰুদ্ধে লুকাছেনক’ প্রশাসনে গ্রহণ কৰা দমনমূলক ব্যৱস্থাৰ বাবেই ক্ষুব্ধ হৈছে ইউৰোপৰ কেইবাখনো ৰাষ্ট্র৷ লাক্সেমবুর্গত ইউৰোপীয় সংঘৰ ২৭গৰাকী বিদেশমন্ত্রী মিলিত হৈ এই সিদ্ধান্ত গ্রহণ কৰিছে৷ লুকাছেনক’ৰ উপৰি নেতাগৰাকীৰ প্রশাসনৰ অন্য ৪০গৰাকী বিষয়ববীয়াৰ বিৰুদ্ধেও ইউৰোপীয় সংঘই শীঘ্রে আৰোপ কৰিব নিষেধাজ্ঞা৷