প্রধানমন্ত্রী মোদীলৈ ভূটানৰ ‘অর্ডাৰ অৱ দ্য ড্রাক গিয়ালপো’
🔹 বিমানবন্দৰত যুৱপ্রজন্মই গর্বা নৃত্যৰে আদৰণি জনালে মোদীক
বিশেষ বাৰ্তা, ২২ মার্চ : চুবুৰীয়া দেশ ভূটানৰ সর্বোচ্চ অসামৰিক সন্মান ‘অর্ডাৰ অৱ দ্য ড্রাক গিয়ালপো’ৰে সন্মানিত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দুদিনীয়া ভ্রমণসূচীৰে আজি ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীক দেশখনৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকে আদৰণি জনোৱাৰ পাছত প্রধানমন্ত্রী মোদীক পিছলৈ ৰজা জিগমেই ‘অর্ডাৰ অৱ দ্য ড্রাক গিয়ালপো’ৰে সন্মানিত কৰে৷ ভূটানৰ সর্বোচ্চ অসামৰিক সন্মান লাভ কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদী হৈছে দেশখনৰ বাহিৰৰ প্রথম ব্যক্তি তথা প্রথম বিদেশী দেশৰ মুৰব্বী৷ ২০১৪ চনত প্রধানমন্ত্রী মোদীয়ে দায়িত্ব গ্রহণ কৰাৰ পাছত আজি দুদিনীয়া ভ্রমণসূচীৰে ভূটানত উপস্থিত হোৱা মোদীৰ এইটো তৃতীয় ভ্রমণ৷ ভূটানৰ ৰজাই সর্বোচ্চ অসামৰিক সন্মান প্রদান কৰাৰ পাছত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম এক্সত কয়– ‘আজি মোৰ জীৱনৰ এটা অতি গুৰুত্বপূর্ণ দিন৷ মোক ভূটানৰ সর্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰা হ’ল৷ প্রতিটো সন্মানেই বিশেষ৷ কিন্তু আন দেশৰ পৰা লাভ কৰা সন্মানৰ বিশেষত্ব সুকীয়া৷ এই সন্মানে দুয়োখন দেশৰ সম্পর্ক সঠিক পথেৰে আগবাঢ়ি থকাটোকে প্রতিফলিত কৰে৷ প্রতিগৰাকী ভাৰতীয়ৰ হৈ মই এই বঁটা গ্রহণ কৰি দেশখনক ধন্যবাদ জনাইছোঁ৷ ১৪০ কোটি ভাৰতীয়ক এই বঁটা উৎসর্গিত কৰিছোঁ৷’ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে আজি ভূটানৰ পাৰ’ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই প্রধানমন্ত্রী টিচেৰিং টবগেই ৰেড কার্পেট আদৰণি জনায়৷ পাৰ’ বিমানবন্দৰৰ পৰা ৰাজধানী থিম্ফুলৈকে ৪৫ কিলোমিটাৰ ৰাজপথৰ দুয়ো দাঁতিত অজস্র লোকে প্রধানমন্ত্রী মোদীক আদৰণি জনায়৷ বিমানবন্দৰত ভাৰতীয় সম্প্রদায়ৰ যুৱপ্রজন্মই প্রধানমন্ত্রী মোদীক গর্বা নৃত্যৰে বিশেষ আদৰণি জনায়৷ প্রবাসী ভাৰতীয় লোকৰ সৈতে প্রধানমন্ত্রী মোদীয়ে হোটেলৰ বাহিৰত অভিবাদন গ্রহণ কৰাৰ লগতে চমু বার্তালাপ কৰে৷ ৰাজধানী থিম্ফুত প্রধানমন্ত্রীয়ে বাহৰ পতা হোটেলৰ বাহিৰত বিশাল বিশাল বেনাৰেৰে প্রধানমন্ত্রী মোদীক আদৰণি জনায়৷ পৰৱর্তী সময়ত ভূটানৰ প্রধানমন্ত্রীয়ে মোদীৰে দ্বিপাক্ষিক সম্পর্কক লৈ আলোচনা কৰে৷ ভাৰত আৰু ভূটানৰ সম্পর্ক অধিক উন্নীত কৰি তুলিবলৈ প্রধানমন্ত্রী মোদীৰ এই ভ্রমণ অতি তাৎপর্যপূৰ্ণ বিবেচিত হৈছে৷ লোকসভা নির্বাচনৰ আচৰণবিধি বলৱৎ হৈ থকা সময়ত ভূটান ভ্রমণৰ সময়ত প্রধানমন্ত্রী মোদীয়ে কিবা বিশেষ ঘোষণা কৰাৰ সম্ভাৱনা নাই৷ দুদিনীয়া ভ্রমণত প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ সহযোগত থিম্ফুত নির্মাণ কৰা গিয়ালচুৱেন জেদচুন পেমামাদাৰ আৰু শিশু চিকিৎসালয় উদ্বোধন কৰিব৷ এই ভ্রমণতেই প্রধানমন্ত্রীগৰাকীয়ে বৌদ্ধ মঠৰ ভিক্ষুৰ সৈতে মঠ পৰিদর্শন কৰিব৷ উল্লেখ্য যে ২০০৯ চনত লোকসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জি–২০ সন্মিলনত অংশগ্রহণ কৰাৰ বাবে ভাৰতৰ তদানীন্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে গ্রেট ব্রিটেইন ভ্রমণ কৰাৰ পাছত লোকসভা নির্বাচন ঘোষণাৰ পাছত বিদেশ ভ্রমণ কৰা দ্বিতীয়গৰাকী প্রধানমন্ত্রী মোদী৷