ক’ভিডতকৈ এশ গুণ ভয়াৱহ ‘বার্ড ফ্লু’ৰ আতংক
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ এপ্ৰিলঃ ক’ভিড অতিমাৰীতকৈ এশ গুণ ভয়ংকৰ ‘বার্ড ফ্লু’ অতিমাৰীয়ে সৃষ্টি কৰিব বিভীষিকা৷ ‘নিউয়র্ক পোষ্ট’ৰ এক প্রতিবেদনত প্রকাশ পাইছে এই চাঞ্চল্যকৰ সংবাদ৷ চিকিৎসা বিশেষজ্ঞসকলে সতর্কবাণী জাৰি কৰি কৈছে যে ক’ভিডতকৈ এশ গুণ অধিক ক্ষতিকাৰক হ’ব ‘বার্ড ফ্লু’ অতিমাৰী৷ আমেৰিকাৰ টেক্সাছত ইতিমধ্যে বিৰল এই ‘বার্ড ফ্লু’ত মানুহ আক্রান্ত হ’ব বুলি দাবী কৰিছে বিজ্ঞানীসকলে৷ ‘এইচ৫এন১’ ভাইৰাছৰ উপস্থিতি প্রথম ধৰা পৰিছিল ২০২০ চনত৷ শেহতীয়াকৈ বিভিন্ন স্থানলৈ ইয়াৰ প্রসাৰণ ঘটিছে৷ আমেৰিকাৰ প্রায় প্রতিখন চহৰত বন্যপক্ষী আক্রান্ত হৈছে এই ‘বার্ড ফ্লু’ত৷ অকল সেয়াই নহয়, বিভিন্ন পামত থকা বহু পক্ষীও এই জ্বৰত আক্রান্ত হৈছে৷ আটাইতকৈ আশংকাজনক কথাটো হৈছে অন্য পশুও ইয়াৰ দ্বাৰা আক্রান্ত হৈছে৷ স্তন্যপায়ী বহু পশুৰ জাক একেলগে এই বিৰল ‘বার্ড ফ্লু’ত আক্রান্ত হোৱাৰ পাছত আমেৰিকাজুৰি সৃষ্টি হৈছে আতংক৷ বিজ্ঞানী তথা স্বাস্থ্য বিশেষজ্ঞসকলে উদ্বেগ প্রকাশ কৰিছে যে শীঘ্রে এই পক্ষীজ্বৰৰ মোকাবিলা কৰিব নোৱাৰিলে পৰিস্থিতি ভয়াৱহ হৈ পৰিব৷ ‘বার্ড ফ্লু’ৰ গৱেষক সুৰেশ কুচিপুড়িয়ে উল্লেখ কৰা অনুসৰি ‘এইচ৫এন১’ ভাইৰাছে মানৱ জাতিৰ বাবে দীর্ঘদিনীয়া ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ উল্লেখনীয় যে স্তন্যপায়ী প্রাণীৰ দেহত ইয়াৰ সংক্রমণ ঘটাৰ লগে লগে মানুহৰ মাজত কম সময়ৰ ভিতৰতে ই তাণ্ডৱ সৃষ্টি কৰিব বুলিও আশংকা কৰিছে কুচিপুড়িয়ে৷