নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ অধিৱেশনৰ পূর্বে হুইপ জাৰি বিজেপিৰ

🔹 সংসদত উপস্থিত থাকিব লাগিব সকলো সাংসদ

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : আগন্তুক ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছে কেন্দ্রীয় চৰকাৰে৷ এই বিশেষ অধিৱেশনত সকলো সাংসদক উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিলে বিজেপিয়ে৷ পাঁচদিনীয়া এই বিশেষ অধিৱেশনৰ প্রতিটো দিনত সদনত উপস্থিত থাকিবলৈ দলীয় সাংসদসকলক কঠোৰ নির্দেশ দিলে বিজেপিয়ে৷ উল্লেখনীয় যে কালি সংসদৰ বিশেষ অধিৱেশনৰ আলোচ্যসূচী ঘোষণা কৰিছে কেন্দ্রই৷ ভাৰতীয় গণতন্ত্রৰ ৭৫ বছৰীয়া ইতিহাসক লৈ এই অধিৱেশনত আলোচনা কৰা হ’ব বুলি জনোৱা হৈছে৷ ইয়াৰ উপৰি অধিৱেশনত চাৰিখন বিধেয়ক উত্থাপন কৰা হ’ব বুলিও চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷

You might also like