নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি নেতাক গুলীয়াই হত্যা : দুই দুর্বৃত্তক বিচাৰি অভিযান আৰক্ষীৰ

বিশেষ বাৰ্তা, ২৩ জুন : মধ্যপ্রদেশত দুর্বৃত্তৰ গুলীত নিহত হ’ল বিজেপি নেতা মনু কল্যাণ৷ কালি নিশা এই হত্যকাণ্ড সংঘটিত হৈছে মধ্যপ্রদেশৰ ইন্দোৰৰ এমজি ৰোড থানা অঞ্চলৰ চিমনবাগত৷ বিজেপিৰ অন্যতম শীর্ষনেতা কৈলাশ বিজয়ভার্গিয়াৰ ঘনিষ্ঠ হিচাপে পৰিচিত আছিল মনু৷ যুৱ বিজেপি নেতাগৰাকীক এনেদৰে দুর্বৃত্তই হত্যা কৰাৰ লগে লগে সমগ্র ৰাজ্যখনত সৃষ্টি হৈছে চাঞ্চল্য৷ বিজেপিশাসিত ৰাজ্যখনত এই শিহৰণকাৰী হত্যাকাণ্ডৰ পিছত মূল দুই অভিযুক্তৰ বিৰুদ্ধে তালাচী আৰম্ভ কৰিছে আৰক্ষীয়ে৷ সংবাদ সূত্রই সদৰী কৰা অনুসৰি বিজেপিৰ এক কার্যসূচী উপলক্ষে কালি নিশা প্রস্তুতি চলাইছিল মনুৱে৷ এই কার্যসূচীৰ আয়োজন কৰা স্থানত নিশা দুই বাইক আৰোহী আহি হাজিৰ হয়৷ প্রত্যক্ষদর্শীৰ মতে বাইক আৰোহী দুজনৰ সৈতে মনুৰ কিবা কথাক লৈ মনোমালিন্য হয়৷ ইয়াৰ পিছতে বাইকৰ পিছফালে বহি থকা দুর্বৃত্তই মনুলৈ লক্ষ্য কৰি গুলী চলায়৷ ঘটনাস্থলীতে বিজেপি নেতাজনৰ মৃত্যু হয়৷ উল্লেখনীয় যে অন্য বিজেপি কর্মীক লক্ষ্য কৰিও দুর্বৃত্তই গুলী চলাইছিল যদিও এইক্ষেত্রত মনুৰ বাহিৰে কোনো লোক হতাহত হোৱা নাই৷

You might also like