নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক তৰুণীৰে অনলাইনত বিজেপি নেতাৰ পুত্রৰ বিয়া

🔹 প্রেমে ভাঙি দিলে দুই প্রতিবেশী ৰাষ্ট্রৰ বৈৰিতাৰ প্রাচীৰ

নিউজ ডেস্ক, ২১ অক্টোবৰ : ‘আমি চাই বিজেপি নেতাৰ ছালমা খাতুন পুত্রবধু…’, সুমনৰ কালজয়ী সেই গান এইবাৰ বাস্তৱ হৈ পৰিছে৷ কিন্তু আৰু এখোজ আগুৱাই গৈ এই বিয়াই ভাঙি দিলে ভাৰত–পাকিস্তান দুই ‘শত্রু ৰাষ্ট্রৰ ’কাঁটাতাঁৰৰ প্রাচীৰ৷ উত্তৰপ্রদেশৰ জৌনপুৰৰ বিজেপি নেতাই নিজৰ পুত্রৰ বিয়া পাতি দিলে পাকিস্তানী তৰুণীৰ সৈতে৷ ভিছা নোপোৱা বাবে অনলাইনত সম্পন্ন হ’ল বিবাহপর্ব৷ ৰাষ্ট্রৰ শত্রুতাই যে দেশবাসীৰ হূদয়ত বিদ্বেষৰ বিষ ৰোপণ কৰিব, সেয়া মানি ল’ব নোৱাৰি৷ বৰঞ্চ ঘৃণাৰ অন্ধকাৰৰ মাজৰ পৰাই জন্ম হয় প্রেমৰ৷ জৌনপুৰৰ বাসিন্দা বিজেপি নেতা তহছীন শ্বাহিদ। তেওঁৰ পুত্র মহম্মদ আব্বাছৰ নিকাহ সম্পন্ন হ’ল পাকিস্তানৰ এগৰাকী তৰুণীৰ সৈতে৷ পাকিস্তানলৈ গৈ এই বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত ভিছাৰ আবেদন জনাইছিল তহছীনে৷ কিন্তু সেই ভিছাৰ আবেদন মঞ্জুৰ নহ’ল৷ ইয়াৰ বাবে ভিডিঅ’ কলত দুই পৰিয়ালৰ উপস্থিতিত সম্পন্ন হ’ল বিবাহপর্ব৷ জানিব পৰা গৈছে, তহছীনৰ বহু আত্মীয়–স্বজন পাকিস্তানৰ বাসিন্দা৷ সেই সূত্রেই দুয়োটা পৰিয়ালৰ মাজত যোগাযোগ আছিল৷ পৰিয়াল দুটাৰ মাজত বৈবাহিক সম্পর্কৰ প্রসংগ চলি আছিল৷ ভবা মতেই বিয়াৰ দিন ঠিক হয় ১৮ অক্টোবৰত৷ এই দিনটোৰ বিবাহ অনুষ্ঠানত পাকিস্তানলৈ যোৱাৰ বাবে ভিছাৰ আবেদন জনাইছিল তহছীনৰ পৰিয়ালে৷ কিন্তু ভিছা প্রদান নকৰিলে চৰকাৰে৷ অসুস্থ হৈ পৰে তৰুণীৰ মাতৃ৷ এনে পৰিস্থিতিত বিবাহ পিছুৱাই দিয়াটো সঠিক নহ’ব বুলি সিদ্ধান্ত লয় তহছীনে৷ দুয়োটা পৰিয়ালে অনলাইনতেই বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অনলাইনত বিয়া হ’লেও আড়ম্বৰপূর্ণতাক এৰি চলা নাছিল দুয়োটা পৰিয়ালে৷ ঘোঁৰাত উঠি  ঢাক–ঢোল পিটি দৰাপক্ষ এটা নির্দিষ্ট ঘৰলৈ আহে৷ ইয়াতে বিশাল টিভি স্ক্রীনত ভিডিঅ’ কলত কইনাপক্ষৰ উপস্থিতিত বিবাহ অনুষ্ঠান সম্পন্ন হয়৷

You might also like