শান্তি আলোচনাৰ মাজতেই গাজাত ৰক্তপ্লাৱন
🔹 ২৪ ঘণ্টাত ধাৰাবাহিক বোমাবর্ষণত শিশু–মহিলাসহ ৬২জনৰ প্রাণহানি
নিউজ ডেস্ক, ৫ জানুৱাৰী : এফালে কাটাৰত শান্তি আলোচনা, আনফালে গাজাত ধাৰাসাৰ বোমাবর্ষণ৷ পেলেষ্টাইনী জনতাৰ বিৰুদ্ধে পাশৱিকতাৰ পৰিচয় দিলে ইজৰাইলী সেনাই৷ গাজাত যুদ্ধবিৰতিৰ বিষয় লৈ কাটাৰত ইজৰাইলৰ প্রতিনিধি হামাছৰে আলোচনাত মিলিত হোৱাৰ সময়তে ইজৰাইলী সেনাই ভয়াৱহ আক্রমণ চলালে গাজাত৷ আজি পুৱা এই আক্রমণত কমপক্ষেও ১২গৰাকী লোক নিহত হৈছে৷ বিগত ২৪ ঘণ্টাত ইজৰাইলৰ এই বোমা আক্রমণত শিশু–মহিলাসহ গাজাত নিহত হৈছে ৬২গৰাকী লোক৷ পেলেষ্টাইনৰ হাস্পতালৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ স্মর্তব্য যে মধ্যস্থতাকাৰীয়ে কাটাৰত গাজাৰ যুদ্ধবিৰতিৰ বিষয়টোক লৈ আজি আৰম্ভ কৰিছে গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকে যুদ্ধভূমি গাজালৈ শান্তি আৰু সুস্থিৰতা কঢ়িয়াই আনিব বুলি আমেৰিকা তথা পাশ্চাত্যৰ দেশসমূহে আশা প্রকাশ কৰিছে যদিও ইজৰাইলী সেনাই গাজাত অব্যাহত ৰাখিছে আক্রমণ৷ আজি পুৱাৰ ভাগতে গাজাৰ এটা বাসগৃহত ইজৰাইলী সেনাই বোমাবর্ষণ কৰাৰ ফলত ১২গৰাকী লোক নিহত হয়৷ এই বাসগৃহত বোমাবর্ষণৰ সময়ত আছিল ১৪গৰাকী লোক৷ অন্য দুগৰাকী লোক গুৰুতৰভাৱে আহত হোৱা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ উল্লেখ্য যে বোমাবর্ষণৰ ফলত আৱাসিক প্রাসাদটো সম্পূর্ণৰূপে ধ্বংস হয়৷ নিহতসকলৰ ভিতৰত কেইবাটাও শিশু থকা বুলি দাবী কৰিছে গাজাৰ স্বাস্থ্য মন্ত্রণালয়ে৷ লক্ষণীয়ভাৱে বিগত ২৪ ঘণ্টাত ইজৰাইলী সেনাই গাজাৰ বিভিন্ন প্রান্তত চলোৱা বোমাবর্ষণত মুঠ ৬২গৰাকী লোক নিহত হোৱা বুলি দাবী কৰিছে স্বাস্থ্য মন্ত্রণালয়ে৷ লক্ষণীয়ভাৱে ইজৰাইলী সেনাৰ এই আক্রমণত নিহত লোকসকল নিৰীহ শৰণার্থী আছিল বুলি দাবী কৰা হৈছে৷ অর্থাৎ যুদ্ধবিৰতিৰ বাবে আলোচনা চলাৰ সময়তো নিৰীহ লোকৰ ওপৰত আক্রমণ চলাইছে ইজৰাইলী সেনাই৷ তাৎক্ষণিকভাৱে এই ঘটনা সন্দর্ভত কোনোধৰণৰ বিবৃতি প্রকাশ কৰা নাই ইজৰাইলে৷