নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী : এডিলেইডত ভয়ংকৰ ষড়যন্ত্ৰ !

🔹 টীম ইণ্ডিয়াক ৰুধিবলৈ ৫ৰ পৰা ৬খন পিটচ প্রস্তুত কেংগাৰুৰ

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট৷ এডিলেইডত দিবা–নৈশভাৱে অনুষ্ঠিত হ’বলগীয়া টেষ্টখনৰ বাবে এডিলেইডৰ কিউৰেটৰ ডেমিয়ান ছুৱে অতি গোপনীয়তাৰে উইকেট নির্মাণ কৰিছে৷ অৱশ্যে সোমবাৰে এডিলেইডৰ ২২ গজৰ ফটোখন মুকলি কৰা হয়৷ তাত দেখা গৈছে ৫ৰ পৰা ৬খন পিটচ প্রস্তুত কৰা হৈছে৷ কিছুমান পিটচ সেউজীয়া, কিছুমান পিটচত ঘাঁহ কম, কোনো খেলপথাৰত ঘাঁহ প্রায় নাই৷ তাৰ পৰাই বুজা যায় যে অষ্ট্রেলিয়াই উক্ত টেষ্টখনৰ বাবে সকলো ধৰণৰ বিকল্প প্রস্তুত কৰি আছে৷ ইয়াৰে কোনখন পিটচত টীম ইণ্ডিয়াৰ বিৰুদ্ধে খেলিব, সেয়া এতিয়াও ঘোষণা কৰা নাই৷ তাক লৈ এতিয়া বিভ্রান্তিৰ সৃষ্টি হৈছে৷ পার্থত অনুষ্ঠিত প্রথমখন টেষ্টত পৰাজয় স্বীকাৰ কৰাৰ পিছত কেংগাৰু বাহিনীয়ে দিবা–নৈশ এডিলেইড টেষ্টত টীম ইণ্ডিয়াক ৰোধাৰ বাবে সকলো ধৰণৰ উইকেট প্রস্তুত কৰিছে৷ দেওবাৰে কিউৰেটৰসকলে হাইড্র’গ্রাইড ৰোলাৰ ব্যৱহাৰ কৰি বলিঙৰ সহায়ক হোৱা কঠিন পিটচ সৃষ্টি কৰা দেখা গৈছিল৷ মন কৰিবলগীয়া যে এডিলেইডৰ কিউৰেটৰে আন ঠাইৰ পৰা অনা মাটি এডিলেইডৰ উইকেটত ব্যৱহাৰ কৰিছে৷ ইপিনে, এডিলেইডৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক খেলপথাৰৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছে৷ এনে পৰিস্থিতিত সোমবাৰে এডিলেইডৰ পিটচৰ ছবিখন পোহৰলৈ আহিল৷ তাত দেখা গৈছে যে ঘাঁহ কাটি পিটচৰ সিপাৰে ৰোলাৰ চলোৱা হৈছে৷ অর্থাৎ সামান্য বেটিং অনুকূল পিটচ৷ ইপিনে, বিভিন্ন পৰিমাণৰ ঘাঁহেৰে আবৃত্ত পিটচো প্রস্তুত আছে৷ উল্লেখ্য যে অষ্ট্রেলিয়াই অন্তিমবাৰৰ বাবে এই খেলপথাৰতে টীম ইণ্ডিয়াৰ বিৰুদ্ধে দিবা–নৈশ টেষ্ট খেলিছিল আৰু টেষ্টখনত ভাৰতে দ্বিতীয় ইনিংছত মাত্র ৩৬ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰ গোলাপী বলৰ পৰীক্ষাৰ বাবে সাজু হৈছে ভাৰত৷ সদ্যসমাপ্ত বর্ষাবিঘ্নিত দুদিনীয়া ৱার্মআপ মেচখনত ভাৰতীয় দলটোৱে প্রধানমন্ত্রী একাদশক পৰাস্ত কৰে৷ বৰষুণৰ বাবে প্রথম দিনৰ খেল পৰিত্যক্ত হোৱাৰ পিছত দ্বিতীয় দিনা দুয়োটা দলে ৪৬ অভাৰৰ মেচত ভাগ লয়৷ উক্ত মেচখনত টীম ইণ্ডিয়াই ৬ উইকেটত জয়লাভ কৰে৷

You might also like