ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফী : টীম ইণ্ডিয়াৰ অনুৰাগীৰ প্রৱেশ নিষিদ্ধ
নিউজ ডেস্ক, ৫ ডিচেম্বৰ : ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট এডিলেইডত অনুষ্ঠিত হ’ব৷ এই টেষ্ট মেচৰ বাবে ইতিমধ্যে টীম ইণ্ডিয়াই প্রস্তুতি চলাই আছে৷ কিন্তু টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ মূল কাৰণ হৈছে বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ জনপ্রিয়তা৷ প্রকৃততে এডিলেইডত টীম ইণ্ডিয়াৰ অনুশীলন চলি থকাৰ সময়ত ক্রিকেট অনুৰাগীক অনুশীলন উপভোগ কৰিবলৈ দিয়া হৈছিল৷ এই অনুশীলনৰ সময়তে একাংশ অনুৰাগীয়ে চিঞৰি চিঞৰি বিৰাট আৰু ৰোহিতৰ নাম মাতিবলৈ ধৰে৷ ইয়াৰ বাবেই খেলুৱৈসকলৰ অনুশীলনৰ সময়ত বহু সমস্যাৰ সৃষ্টি হয়৷ যাৰ ফলত অনুশীলনৰ সময়ত অনুৰাগীৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷ সংবাদ প্রতিষ্ঠানৰ প্রতিবেদন অনুসৰি, এতিয়াৰ পৰা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফী চলি থকা সময়ত টীম ইণ্ডিয়াৰ অনুশীলন চাবলৈ কোনো অনুৰাগীক প্রৱেশৰ অনুমতি দিয়া নহ’ব৷ মঙলবাৰে অনুশীলনৰ সময়ত সহস্রাধিক অনুৰাগীয়ে ষ্টেডিয়ামত উপস্থিত হৈ ইমানেই হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰে যে টীম ইণ্ডিয়া এই লৈ চিন্তিত হৈ পৰে৷ প্রতিবেদন অনুসৰি, অনুৰাগীসকলে ভাৰতীয় বেটাৰসকলৰ পৰা ছয় বা চাৰিৰ দাবী কৰি আছিল৷ কেৱল এয়াই নহয়, আউট হোৱা খেলুৱৈসকলকো বাৰে বাৰে ট্ৰ’ল কৰা হৈছিল৷ বহুতে খেলুৱৈসকলৰ পৰা ছেলফি দাবী কৰিছিল৷ অনুৰাগীৰ এই কার্যৰ বাবে ভাৰতীয় খেলুৱৈসকলে বহু সমস্যাৰ সন্মুখীন হয়৷ অনুৰাগীৰ এই আচৰণৰ বাবে টীম ইণ্ডিয়াৰ খেলুৱৈসকলে অনুশীলনত সম্পূর্ণৰূপে মনোনিৱেশ কৰিব পৰা নাছিল৷ গতিকে এনে সমস্যা সৃষ্টি হোৱাৰ বাবে টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত অনুৰাগীৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷ উল্লেখ্য যে ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ প্রথমখন টেষ্টত জয়লাভ কৰি অগ্রগতি লাভ কৰি আছে টীম ইণ্ডিয়াই৷ ৬ ডিচেম্বৰৰ পৰা ভাৰত–অষ্ট্রেলিয়াৰ মাজত দ্বিতীয়খন টেষ্ট এডিলেইডত দিবা–নৈশভাৱে অনুষ্ঠিত হ’ব৷