১০ মিনিটতে কোটি টকাত নিলাম ব্রেডমেনৰ টুপী
নিউজ ডেস্ক, ৫ ডিচেম্বৰ : অষ্ট্রেলিয়াৰ কিংবদন্তি ডন ব্রেডমেনে কেৰিয়াৰত অর্জন কৰিছিল এটাৰ পিছত আনটো অভিলেখ৷ ক্রিকেটাৰগৰাকীয়ে অৱসৰ গ্রহণ কৰাৰ পিছতো কিন্তু ভংগ হোৱা নাই এই অভিলেখসমূহ৷ এই ক্রিকেটাৰগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এক শৃংখলাত পৰিধান কৰা টুপীটো শেহতীয়াকৈ অভিলেখসংখ্যক দৰত নিলাম হৈছে৷ ভাৰতৰ বিৰুদ্ধে ১৯৪৭–৪৮ বর্ষৰ টেষ্ট শৃংখলাত ব্রেডমেনে পৰিধান কৰা টুপীটো (বেগী গ্রীন) ৪,৭৯,৭০০ ডলাৰত (ভাৰতীয় টকাৰ হিচাপত ২.৬৩ কোটি টকা) নিলাম কৰা হৈছে৷ মাত্র ১০ মিনিটৰ বাবে অনুষ্ঠিত এই নিলামত সংগ্রাহকসকলে মূল্যৱান তথা ঐতিহ্যপূর্ণ টুপীটো ক্রয় কৰিবলৈ তীব্র নিবিদা দিছিল৷ যেতিয়া চূড়ান্ত নিবিদা কৰা হৈছিল, টুপীটোৰ বাবে নিবিদা আছিল ৩৯০,০০০ ডলাৰ, যি নিলাম মাচুলৰ পিছত ৪৭৯,৭০০ ডলাৰ (২.৬৩ কোটি টকা)লৈ বৃদ্ধি হৈছিল৷ এই টেষ্ট টুপীটো বর্তমানলৈকে নিলাম কৰা ক্রিকেটৰ সর্বাধিক ব্যয়বহুল চিহ্ণ হৈ পৰিছে৷ নিলামৰ বনহামছে টুপীটোক এক বিৰল নিদর্শন হিচাপে বর্ণনা কৰি কয় যে ব্রেডমেনৰ সুন্দৰ কেৰিয়াৰৰ সৈতে পোনপটীয়াকৈ সম্পর্কিত হৈ আছিল এই টুপীটো৷ ফক্স স্প’ৰ্টছৰ এক প্রতিবেদন অনুসৰি, এই টুপীটো ব্রেডমেনে ভাৰতৰ ভ্রমণ ব্যৱস্থাপক পংকজ ‘পিটাৰ’ কুমাৰ গুপ্তাক উপহাৰ দিছিল৷ ব্রেডমেনৰ বাবে বেগী গ্রীনে ক্রিকেট ইতিহাসত অতুলনীয় কেৰিয়াৰৰ প্রতিনিধিত্ব কৰে৷