ব্রিটিছ প্রধানমন্ত্রীৰ দীপাৱলীৰ ভোজত সুৰা-মাংস
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰৰ বাসভৱনত দীপাৱলী অনুষ্ঠানত আমিষ ভোজ খুওৱা হৈছে বুলি অভিযোগ তুলিছে দেশখনত বাস কৰা একাংশ হিন্দু লোকে৷ দীপাৱলী উপলক্ষে লণ্ডনৰ ১০ ডাউনিং ষ্ট্রীটত থকা বাসভৱনত নৈশ ভোজৰ আয়োজন কৰা হৈছিল৷ নিমন্ত্রিত হৈছিল বহু ৰাজনীতিক তথা বিভিন্ন সম্প্রদায়ৰ নেতাসকল৷ অভিযোগ উঠিছে যে দীপাৱলীৰ সেই নৈশভোজত মাংস আৰু সুৰাও পৰিৱেশন কৰা হৈছিল৷ ইয়াক লৈ আপত্তি ব্রিটেইনৰ হিন্দু সম্প্রদায়ৰ একাংশৰ৷ অৱশ্যে প্রধানমন্ত্রীৰ বাসভৱনৰ পৰা এই সন্দর্ভত এতিয়ালৈকে কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ দীপাৱলীৰ অনুষ্ঠানত হিন্দু ধর্মাৱলম্বীসকলৰ বহুতেই নিৰামিষ খাদ্য পছন্দ কৰে৷ ষ্টাৰমাৰৰ পূর্বে ব্রিটেইনৰ প্রধানমন্ত্রী আছিল ভাৰতীয় বংশোদ্ভৱ ৰাজনীতিক ঋষি সুনাক৷ সুনাকৰ আমোলতো ১০ ডাউনিং ষ্ট্রীটত দীপাৱলী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ কিন্তু সুনাকৰ সময়ত দীপৱলী নৈশভোজত মাংস আৰু সুৰা ৰখা হোৱা নাছিল বুলি দাবী কৰিছে হিন্দু সম্প্রদায়ৰ লোকসকলে৷ কিয় এই সন্দর্ভত সিদ্ধান্ত লোৱাৰ পূর্বে আলোচনা কৰা নহ’ল, তাক লৈও প্রশ্ণ তুলিছে একাংশ অসন্তুষ্ট হিন্দু নাগৰিকে৷ ব্রিটেইনত বসবাস কৰা হিন্দু পণ্ডিত সতীশ কে শর্মাই ইয়াৰ বাবে দায়ী কৰিছে প্রধানমন্ত্রী কার্যালয়কেই৷ হিন্দু পণ্ডিতগৰাকীয়ে কৈছে যে ১০ ডাউনিং ষ্ট্রীটৰ বিষয়ববীয়াসকলৰ ‘সংবেদনশীলতাৰ অভাৱ’ আৰু আলোচনা অবিহনে সিদ্ধান্ত লোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উৎসৱৰ দিনত হিন্দুসকলক অসন্তুষ্ট কৰা হৈছে বুলিও শর্মাই মন্তব্য কৰে৷