নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেলিভিছনৰ লাইভ শ্ব’ত ডিঙিত চেপা বিআৰএছ বিধায়কৰ

🔹 বিধানসভা নির্বাচনৰ পূর্বে তেলেংগানাত উত্তপ্ত পৰিস্থিতি

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : নিউজ চেনেলৰ লাইভ শ্ব’ত ভাৰত ৰাষ্ট্র সমিতি (বিআৰএছ)ৰ বিধায়ক এগৰাকীয়ে বিজেপি প্রার্থী এগৰাকীৰ ডিঙি চেপি ধৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে তেলেংগানাৰ ৰাজনীতি৷ বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যখনত ইতিমধ্যে শাসকীয় বিআৰএছ, বিৰোধী বিজেপি আৰু কংগ্রেছৰ প্রচাৰ অভিযান তীব্রতৰ হৈ পৰিছে ৷ ইয়াৰ মাজতে কালি তেলুগু নিউজ চেনেল এটাত এক লাইভ বিতর্কত অংশগ্রহণ কৰিছিল বিআৰএছৰ বিধায়ক কে পি বিবেকানন্দ আৰু বিজেপিৰ প্রার্থী কুনা শ্রীছাইলাম গৌড়ে৷ বিতর্কৰ মাজতে গৌড়ৰ প্রশ্ণৰ উত্তৰ দিব নোৱাৰি বিবেকানন্দই ক্ষুব্ধ হৈ বিজেপি প্রার্থীগৰাকীক প্রহাৰ কৰিবলৈ উদ্যত হয়৷ ক্ষুব্ধ বিবেকানন্দই গৈ গৌড়ৰ ডিঙিত চেপি ধৰে৷ এই ঘটনাৰ ভিডিঅ’ ৰাজ্যখনৰ বিজেপি সভাপতি জি কিষাণ ৰেড্ডীয়ে ছ’চিয়েল মিডিয়া এক্সত শ্বেয়াৰ কৰাৰ পিছতে বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like