‘উইকেণ্ড পার্টী’ত মচগুল ক’ৰোনাৰ অভিকেন্দ্র ৱুহান; ৱাটাৰ পার্কত কান্ধত কান্ধ মিলাই হাজাৰ হাজাৰ লোকৰ উদ্দাম নৃত্য
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট: মুখত নাই মাস্ক৷ সামাজিক দূৰত্বৰ প্রশ্ণই নুঠে৷ হাজাৰ হাজাৰ মানুহে ৱাটাৰ পার্কত একেলগে নাচিছে সংগীতৰ ছন্দে ছন্দে৷ ক’ৰোনা কালৰ এক বিৰল, আচহুৱা দৃশ্য৷ কান্ধত কান্ধ মিলাই তেওঁলোক মচগুল হৈ পৰিছে নাচ–গানত৷ পৰস্পৰক আলিংগন কৰিছে৷ আপোন পাহৰা হৈ পৰিছে মুকলি আকাশৰ তলত৷ এনে দৃশ্যই দেখিবলৈ পোৱা গ’ল চীনৰ ৱুহান চহৰৰ সপ্তাহান্তিকৰ পার্টীত৷
শনিবাৰৰ এই ঘটনাই সমগ্র বিশ্বৰে দৃষ্টি কাঢ়ি নিছে৷ সৰৱ চর্চা হৈছে ছ’চিয়েল মিডিয়াত৷ এই ৱুহানেই আছিল বিশ্ববাসীৰ জীৱন সলনি কৰি দিয়া ন’ভেল ক’ৰোনা ভাইৰাছৰ গ্রাউণ্ড জিৰ’৷ যোৱা ডিচেম্বৰত মধ্য চীনৰ এই সৰু চহৰখনতে প্রথম ক’ভিড–১৯ৰ সংক্রমণ ঘটিছিল৷ ইয়াৰ দুমাহৰ ভিতৰতে এই মাৰাত্মক ভাইৰাছে যি তাণ্ডৱ চলালে, সেয়া মানৱ জাতিৰ সন্মুখত আহি পৰা ভয়ংকৰ দুর্যোগৰ অন্যতম হিচাপে চিহ্ণিত হৈ ৰ’ব৷ এতিয়াও বিশ্ববাসীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাৰ মাজতে সেই ৱুহানতেই কিন্তু এতিয়া সম্পূর্ণ স্বাভাৱিক অৱস্থা৷ মুকলিমূৰীয়াকৈ ঘূৰিছে ৱুহানবাসীয়ে৷ চলিছে নৈশ পার্টী৷ প্রশাসনেও সংক্রমণৰ পুনৰাবৃত্তিৰ আশংকাক গুৰুত্ব দিয়া নাই৷ সেয়ে চহৰখনৰ বিখ্যাত মায়া বীচ্চ ৱাটাৰ পার্কৰ এই বিশাল আয়োজনলৈ ওলাই আহিল হাজাৰ হাজাৰ মানুহ৷ যন্ত্রৰ সহায়েৰে সৃষ্টি কৰা পানীৰ ঢ়ৌত ক্লান্তিহীনভাৱে ঘণ্টাৰ পাছত ঘণ্টা নৃত্য কৰিলে বিকিনি পৰিহিতা চীনা সুন্দৰীয়ে৷
ইলেক্ট্রনিক গেজেটৰ কাণ তাল মৰা শব্দত উটি–ভাহি গ’ল যুৱক–যুৱতী৷ অৱশ্যেই শনিবাৰৰ এই পার্টীয়ে উদ্বিগ্ণ কৰি তুলিছে চিকিৎসা বিজ্ঞানীসকলক৷ তেওঁলোকৰ মতে এনেধৰণৰ আয়োজনে পুনৰ জটিল সংক্রমণজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু হুবেই প্রদেশৰ ৰাজধানীখনৰ প্রশাসকে জুনতেই ঘোষণা কৰি থৈছে যে চহৰখন সম্পূর্ণৰূপে ক’ৰোনামুক্ত৷ ১১ নিযুত বাসিন্দাৰ চহৰখনত ৭৬ দিনীয়া সম্পূর্ণ লকডাউন কঠোৰভাৱে পালন কৰা হৈছিল৷ ইয়াৰ পাছতেই ৱুহানত ক’ৰোনাৰ সংক্রমণ নিয়ন্ত্রণলৈ আহে৷ মে’ মাহৰ মাজভাগৰ পৰাই চহৰখনত নতুনকৈ এজনো লোক আক্রান্ত হোৱা নাই৷ ৫ জুনত চহৰখনৰ অন্তিম তিনিজন ক’ৰোনা ৰোগীক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ ইয়াৰ পাছতে চহৰখনৰ ১ কোটি মানুহৰ গণ নমুনা পৰীক্ষাৰ ফলাফল ১০০ শতাংশ নিগেটিভ ওলায়৷ এই মুহূর্তত ৱুহানৰ এই কাহিনী বেছিভাগ দেশৰ বাবেই কল্পনাৰো অগোচৰ৷ সেই ৱুহান, য’ত পথৰ কাষতেই মৃত্যু ঘটিছিল ক’ৰোনা আক্রান্তৰ, ৰোগীৰ বাবে ঠাই নোহোৱা হৈ পৰিছিল হাস্পতালত৷ সেই ৱুহান, যাক লৈ আমেৰিকা–চীনৰ সংঘাতক কূটনৈতিক–ৰাজনৈতি দিশৰ পৰা মেৰামতি কৰিব নোৱাৰা পর্যায়লৈ লৈ গ’ল৷
আনকি বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতেও ৱাশ্বিংটনৰ সংঘাত সৃষ্টি কৰিলে৷ এতিয়াও ক’ৰোনা মহামাৰীৰ বাবে চীনকেই প্রত্যক্ষভাৱে দোষাৰোপ কৰি অহা হৈছে৷ কিন্তু ইয়াৰ মাজতেই ক’ৰোনাৰ উৎপত্তিস্থলত আৰম্ভ হৈ গৈছে মুকলিমূৰীয়া জীৱন৷ উল্লেখ্য যে ৱুহানৰ গৱেষণাগাৰত চীনে ক’ৰোনা ভাইৰাছ প্রস্তুত কৰা বুলি উত্থাপিত অভিযোগক লৈ এতিয়াও চর্চা চলি আছে৷ বষ্টনৰ হার্ভার্ড মেডিকেল স্কুল, বষ্টন ইউনিভার্ছিটী অৱ পাব্লিক হেল্থ আৰু বষ্টন চিল্ড্রেনছ হাস্পতালে ছেটেলাইট ইমেজ আৰু সংক্রামক ৰোগ সম্পর্কীয় ইণ্টাৰনেট ছার্চ ইঞ্জিনৰ তথ্য বিশ্লেষণ কৰি দাবী কৰিছে যে ৱুহানত যোৱা ডিচেম্বৰত নহয়, ২০১৯ চনৰ আগষ্ট মাহতেই ক’ভিডৰ মাৰাত্মক সংক্রমণ আৰম্ভ হৈছিল৷