ব্রুটালিষ্ট শ্রেষ্ঠ ছবি, শ্রেষ্ঠ অভিনেতা–অভিনেত্রী এড্রিয়ান–ফার্নেণ্ডা
🔹 ২০২৫ বর্ষৰ গ’ল্ডেন গ্ল’ব বঁটা
🔹 দ্য ব্রুটালিষ্টৰ বাবে শ্রেষ্ঠ পৰিচালক ব্রেডী কৰবেট, সহঃ অভিনেতা কিয়েৰেন কালকিন, সহঃ অভিনেত্রী জ’ ছাল্ডানা
নিউজ ডেস্ক, ৭ জানুৱাৰী : চলচ্চিত্র আৰু টেলিভিছনৰ অন্যতম শ্রেষ্ঠ সন্মান ২০২৫ বর্ষৰ গ’ল্ডে গ্ল’ব বঁটা বিজয়ীৰ নাম ঘোষণা কৰাৰ লগতে বঁটা প্রদান কৰা হৈছে৷ কেলিফ’র্নিয়াৰ বেভেৰলী হিলছৰ বেভেৰলী হিল্টনত চলচ্চিত্র আৰু টেলিভিছন তাৰকাৰ উপস্থিতিত চলচ্চিত্র আৰু টেলিভিছনৰ শ্রেষ্ঠত্বৰ বঁটাসমূহ ঘোষণা কৰা হয়৷ কৌতুক অভিনেতা নিকি গ্লেছাৰে আঁত ধৰা বর্ণাঢ্য অনুষ্ঠানটোত শ্রেষ্ঠ ম’চন পিকচাৰ (ড্রামা)ৰ বঁটা লাভ কৰে দ্য ব্রুটালিষ্টে৷ ব্রুটালিষ্টৰ এড্রিয়ান ব’ডীয়ে শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰাৰ বিপৰীতে আইএম ষ্টিল হিয়াৰ শীর্ষক ছবিখনৰ বাবে ফার্নেণ্ডা টৰেছে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰে৷ শ্রেষ্ঠ ম’চন পিকচাৰ মিউজিকেল–কমেডীৰ বঁটা লাভ কৰে এমিলা পেৰেজে৷ এই শিতানত এ ডিফাৰেণ্ট মেন ছবিখনৰ বাবে শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ছেবাষ্টিয়ান ষ্টেনে৷ শ্রেষ্ঠ অভিনেত্রীৰ সন্মান দ্য ছাবষ্টেন্স ছবিখনৰ বাবে লাভ কৰে ডেমি মুৰে৷ এ ৰিয়েল প্লেইন শীর্ষক ছবিখনৰ বাবে শ্রেষ্ঠ সহঃ অভিনেতাৰ বঁটা কিয়েৰেন কালকিন আৰু এমিলা পেৰেজৰ বাবে জ’ ছাল্ডানাই শ্রেষ্ঠ সহঃ অভিনেত্রীৰ বঁটা লাভ কৰে৷ শ্রেষ্ঠ নির্দেশকৰ বঁটা লাভ কৰে দ্য ব্রুটালিষ্টৰ বাবে ব্রেডী কৰবেটে৷ শ্রেষ্ঠ চিত্রনাট্যৰ বঁটা কনক্লেভৰ বাবে পিটাৰ ষ্ট্র’গনে৷ শ্রেষ্ঠ গীত এমিলা পেৰেজৰ বাবে এল মলে৷ শ্রেষ্ঠ টেলিভিছন ছিৰিজ ড্রামাৰ বঁটা লাভ কৰে ছ’গানে৷ শ্রেষ্ঠ অভিনেতাৰ বঁটা ছ’গানৰ বাবে হিৰোয়ুকি ছামাডাই৷ শ্রেষ্ঠ অভিনেত্রীৰ বঁটা ছ’গানৰ বাবে আন্না ছাৱায়ে৷ শ্রেষ্ঠ টেলিভিছন ছিৰিজ মিউজিকেল–কমেডীৰ বঁটা হেকছলৈ৷ এই শিতানত শ্রেষ্ঠ অভিনেতা দ্য বিয়াৰ ছিৰিজৰ বাবে জেৰেমি এলেন হোৱাইটে৷ শ্রেষ্ঠ অভিনেত্রীৰ বঁটা হেকছৰ বাবে জিম স্মার্টে৷ শ্রেষ্ঠ এনিমেটেড ম’চন পিকচাৰৰ বঁটা ফ্ল’লৈ৷ বেষ্ট চিনেমেটিক আৰু বক্স অফিচ এছিভমেণ্টৰ বঁটা উইকেডলৈ৷ উল্লেখ্য যে এইবেলি গ’ল্ডেন গ্ল’ব বঁটাত ভাৰতীয় চলচ্চিত্রই নিৰাশাজনক প্রদর্শন আগবঢ়ায়৷ পায়েল কাপাডিয়াৰ শ্রেষ্ঠ অনা–ইংৰাজী ভাষাৰ শিতানত ‘অল উই ইমাজিন এজ লাইক’–এ মনোনয়ন লাভ কৰাৰ লগতে পায়েল কাপাডিয়াই শ্রেষ্ঠ নির্দেশকৰ মনোনয়ন লাভ কৰিছিল৷ কিন্তু কোনো এটা শিতানতে এই ছবিখনে শ্রেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম নহ’ল৷