কাশ্মীৰী যুৱকক সামৰিক প্রশিক্ষণ বিএছএফ -ৰ
🔹 কাশ্মীৰী যুৱকক সামৰিক প্রশিক্ষণ বিএছএফ -ৰ
🔹 ‘অপাৰেচন সিন্দূৰ’ৰ পিছতে সীমান্তত বৃহৎ পদক্ষেপ কেন্দ্রীয় চৰকাৰৰ
নিউজ ডেস্ক, ৬ জুন : অপাৰেচন সিন্দূৰৰ পিছত পাকিস্তান সীমান্তত নিৰাপত্তা সন্দর্ভত বৃহৎ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ পাকিস্তান সীমান্তত কাশ্মীৰী যুৱকক অস্ত্রৰ প্রশিক্ষণ দিয়াৰ সমান্তৰালকৈ মহিলাকো এই প্রশিক্ষণত অন্তর্ভুক্ত কৰা হৈছে৷ বিএছএফে কাশ্মীৰী যুৱক আৰু মহিলাক সামৰিক প্রশিক্ষণ দিয়া আৰম্ভ কৰিছে৷ ভিলেজ ডিফেঞ্চ হার্ড তথা গাঁওৰক্ষী বাহিনী, চমুকৈ ভিডিজিৰ অধীনত এই প্রশিক্ষণসমূহ দি থকা হৈছে৷ বিএছএফে প্রকাশ কৰা মতে, কাশ্মীৰী যুৱকক সামৰিক প্রশিক্ষণ দিয়াৰ লগতে অনুপ্রৱেশ বন্ধ, ড্রোন ব্যৱহাৰ কৰি পাকিস্তানে অস্ত্রকে ধৰি বিভিন্ন সামগ্রী যোগান ধৰা প্রক্রিয়া বন্ধ কৰাৰ ক্ষেত্রত যুৱকসকলে সহায় কৰিব৷ শীর্ষ বিষয়াই প্রকাশ কৰা মতে, অস্ত্রৰ প্রশিক্ষণ দিয়াৰ লগতে আত্মৰক্ষাৰ প্রশিক্ষণৰ ব্যৱস্থা কৰাৰ উপৰি যুদ্ধৰ পৰিস্থিতিত কিদৰে নিজৰ লগতে অঞ্চলবাসীক সষ্টম কৰি ৰাখিব, তাৰ ওপৰতো প্রশিক্ষণ দিব৷ জম্মু–কাশ্মীৰ সীমান্তৰ বিএছএফৰ নিৰীক্ষণ চকীত এই প্রশিক্ষণ আৰম্ভ কৰা হৈছে৷ বিএছএফৰ সূত্রই প্রকাশ কৰা মতে, এই প্রশিক্ষণ শেষ হোৱাৰ পাছত কাশ্মীৰী যুৱকসকলে নিশা অঞ্চলত পহৰা দি থাকি সন্দেহজনক কিবা সন্ধান পালেই বিএছএফক অৱগত কৰিব৷ ভিডিজিৰ দলত স্কুলৰ শিক্ষক, পঞ্চায়তৰ সদস্যসকলকো প্রশিক্ষণ দিয়া হৈছে৷