মুম্বাই ইণ্ডিয়ানছত বৃহৎ আঘাত : আইপিএলৰ পৰা বাহিৰ বুমৰাহ
বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰীঃ আই পি এল আৰম্ভ হোৱাৰ পূর্বেই বৃহৎ আঘাতৰ সন্মুখীন হৈছে মুম্বাই ইণ্ডিয়ানছ৷ দলটোৰ বলিং বিভাগৰ প্রধান অস্ত্র যশপ্রীত বুমৰাহৰ পক্ষে আঘাতৰ পৰা সুস্থ হৈ আই পি এললৈ প্রত্যাৱর্তন ঘটোৱা অসম্ভৱ বুলিয়েই জানিব পৰা গৈছে৷ কেৱল আই পি এলেই নহয়, চলিত বছৰত বুমৰাহক পোৱা যাবনে নাযায় তাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷ আঘাতৰ বাবে বলাৰগৰাকীয়ে ইতিমধ্যে পাঁচ মাহ খেলপথাৰৰ বাহিৰত আছে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড আৰু আই পি এলৰ সূত্রে জানিব পৰা মতে বুমৰাহ সম্পূর্ণৰূপে আঘাতমুক্ত নহয়৷ তেওঁৰ আঘাত গুৰুতৰ হোৱাৰ বাবে আৰু যথেষ্ট সময় খেলপথাৰৰ বাহিৰত থাকিব লাগিব৷ উল্লেখ্য যে অহা মাহৰ পৰা মে’ পর্যন্ত অনুষ্ঠিত হ’ব আই পি এল৷ মেগা প্রতিযোগিতাখনত বুমৰাহ খেলপথাৰত নমাটো অসম্ভৱ৷ আনকি জুনত অনুষ্ঠিত হ’ব লগা আই চি চিৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপতো বুমৰাহক পোৱাৰ সম্ভাৱনা নাই৷ অক্টোবৰ–নৱেম্বৰত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ সময়ত তেওঁ সুস্থ হৈ উঠাটো বিচাৰিছে ব’র্ডে৷ যোৱা বছৰ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টি–২০ শৃংখলাত অন্তিমবাৰ দেখা গৈছিল বুমৰাহক৷ তাৰ পিছৰ পৰাই পিঠিৰ আঘাতৰ বাবে দক্ষিণ আফ্রিকা শৃংখলাৰ লগতে এছিয়া কাপ আৰু টি–২০ বিশ্বকাপতো দেশৰ হৈ খেলিব পৰা নাছিল তেওঁ৷