বলিং শাখাৰ শীর্ষস্থান পুনৰুদ্ধাৰ বুমৰাহৰ
🔹 টেষ্ট ৰেংকিঙৰ দ্বিতীয়লৈ জয়ছোৱাল, কোহলিৰো উত্থান
নিউজ ডেস্ক, ২৮ নৱেম্বৰ : টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে আইচিচি টেষ্ট ৰেংকিঙৰ বলিং শাখাৰ শীর্ষ স্থানটো পুনৰুদ্ধাৰ কৰিছে৷ অষ্ট্রেলিয়াৰ বিপক্ষে পার্থত খেলা প্রথমখন টেষ্টত দুর্দান্ত বলিং প্রদর্শনেৰে মুঠ ৮টা উইকেট দখল কৰাৰ সুবাদত বুমৰাহে বলিং শাখাৰ শীর্ষস্থানটো নিজৰ দখললৈ আনিবলৈ সক্ষম হয়৷ অষ্ট্রেলিয়াৰ জ’ছ হেজলউড আৰু দক্ষিণ আফ্রিকাৰ ৰাবাডাক অতিক্রম কৰি বুমৰাহে শীর্ষ স্থানটো দখল কৰে৷ বর্তমান বুমৰাহৰ ৰেংকিং পইণ্ট হ’ল ৮৮৩৷ ইফালে, বুমৰাহৰ সতীর্থ মহম্মদ ছিৰাজৰো স্থানৰ উন্নতি ঘটিছে৷ পার্থ টেষ্টত পাঁচটা উইকেট দখল কৰা ছিৰাজে তিনিটা স্থান আগুৱাই ২৫সংখ্যক স্থানটো লাভ কৰিছে৷ ইফালে, বেটিং শাখাত কেৰিয়াৰশ্রেষ্ঠ দ্বিতীয় স্থানলৈ উন্নীত হৈছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱাল৷ পার্থ টেষ্টৰ দ্বিতীয় ইনিংছত ১৬১ ৰানৰ দুর্দান্ত ইনিংছ খেলাৰ সুবাদত এটা স্থান আগুৱাই দ্বিতীয় স্থানটো অধিকাৰ কৰে জয়ছোৱালে৷ টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰগৰাকীৰ বর্তমান ৰেটিং পইণ্ট হ’ল ৮২৫৷ বেটিং শাখাত ইংলেণ্ডৰ জ’ ৰুটে ৯০৩ ৰেটিং পইণ্টেৰে শীর্ষস্থানটো নিজৰ দখলতে ৰাখিছে৷ ইপিনে, পার্থ টেষ্টত দ্বিতীয় ইনিংছত চমকপ্রদ শতক অর্জন কৰি ৯টাকৈ স্থান আগুৱালে বিৰাট কোহলিয়ে৷ নিউজিলেণ্ডৰ বিপক্ষে খেলা ঘৰুৱা তিনিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত শোচনীয় প্রদর্শন দাঙি ধৰাৰ বাবে শীর্ষ দহৰ পৰা বাহিৰ হোৱা কোহলিয়ে ত্রয়োদশ স্থানটো অধিকাৰ কৰিছে৷ বেটিং শাখাত ঋষভ পণ্টে ষষ্ঠ স্থানটো অক্ষুণ্ণ ৰখাৰ বিপৰীতে এটা স্থান পিছুৱাই শুভমন গিলে সপ্তদশ, ১৩টা স্থান আগুৱাই লোকেশ ৰাহুলে ৪৯ আৰু টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই ২৬সংখ্যক স্থানত আছে৷ আনহাতে, টীম ইণ্ডিয়াৰ দুই তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আৰু ৰবিচন্দ্রন অশ্বিনে অলৰাউণ্ড শাখাৰ প্রথম আৰু দ্বিতীয় স্থানটো নিজৰ দখলতে ৰাখিছে৷