নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তান ক্ৰিকেট দলৰ নতুন অধিনায়ক ৰছিদ খান

বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰঃ টি-২০ দলৰ আফগানিস্তান ক্ৰিকেটৰ অধিনায়ক হ’ব ৰছিদ খান। অভিজ্ঞ অলৰাউণ্ডাৰ মহম্মদ নবীৰ ঠাইত ৰছিদ খানে খেলিব। অৱশ্যে ইয়াৰ পূৰ্বেও ৰছিদ খানে আফগানিস্তানৰ অধিনায়কত্ব কৰিছে। অৱশ্যে এইবাৰ দ্বিতীয়বাৰৰ বাবে ৰছিদ খানক আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিছিল যে ৰছিদ খান হ’ব দলটোৰ পৰৱৰ্তী অধিনায়ক। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত আফগানিস্তান আৰু ইউ এ ই (এ এফ জি বনাম ইউ এ ই)ৰ মাজত টি-২০ৰ ধাৰাবাহিক মেচ অনুষ্ঠিত হ’ব। অধিনায়ক হিচাপে ৰছিদ খানৰ বাবে এইখন হ’ব প্ৰথমখন ছিৰিজ। অৱশ্যে হাছমুটল্লাহ শ্বাহিদীয়ে টেষ্ট আৰু এদিনীয়া ফৰ্মেটত আফগানিস্তানৰ অধিনায়কত্ব অব্যাহত ৰাখিব। আনহাতে ৰছিদ খানে টি-২০ ফৰ্মেটত আফগানিস্তান ক্ৰিকেট দলটোক নেতৃত্ব দিব। আচলতে আফগানিস্তানৰ অভিজ্ঞ অলৰাউণ্ডাৰ মহম্মদ নবীয়ে টি-২০ ৱৰ্ল্ডৰ পিছত অধিনায়কত্ব এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। মহম্মদ নবী দীৰ্ঘদিন ধৰি আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়ক আছিল যদিও এতিয়া ৰছিদ খানক অধিনায়ক হিচাপে দেখা যাব। একে সময়তে ৰছিদ খানক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সন্দৰ্ভত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মিৰৱাইছ আশ্ৰফে কয় যে এই খেলুৱৈজন টি-২০ ফৰ্মেটত দলৰ অধিনায়ক হ’ব। তেওঁ কয় যে আফগানিস্তানৰ ক্ৰিকেটত ৰছিদ খান ডাঙৰ নাম। ইয়াৰ বাহিৰেও ৰছিদ খানে বিশ্বৰ বহু টি-২০ লীগত খেলে। ৰছিদ খানৰ অভিজ্ঞতাৰ সুবিধা লাভ কৰিব দলটোৱে। লগতে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষই কয় যে ৰছিদ খানৰ অধিনায়কত্বত আমাৰ দলটোৱে টি-২০ ফৰ্মেটত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে।

You might also like