যুদ্ধবিৰতি : পুটিনৰ আশ্বাসক বিশ্বাস নকৰে জেলেনস্কীয়ে
নিউজ ডেস্ক, ২০ মাৰ্চঃ ইউক্রেইন আৰু ৰাছিয়াৰ যুদ্ধৰ অৱসান ঘটাবলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে লোৱা ভূমিকাক লৈ বিশ্বজুৰি চর্চিত হৈছে৷ ইউক্রেইনৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ জেলেনস্কীৰ ৩০ দিনীয়া যুদ্ধবিৰতিৰ প্রস্তাৱৰ সমর্থনক লৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্রায় দুঘণ্টা টেলিফোনিক বার্তালাপ চলায়৷ এই বার্তালাভৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্রপতিৰ সৈতে ৰাষ্ট্রপতি ট্রাম্পে কেনেধৰণৰ আলোচনা কৰিছে সেই সন্দর্ভত অধিক জনাৰ বাবে ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে আলোচনাত মিলিত হ’ল জেলেনস্কী৷
ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীয়ে ট্রাম্পৰ সৈতে হোৱা আলোচনাত গুৰুত্বপূর্ণ আন্তঃগাঁথনিত ৰাছিয়াই আক্রমণ নকৰে বুলি দিয়া আশ্বাস দিয়া সন্দর্ভত প্রতিক্রিয়া ব্যক্তি কৰি জেলেনস্কীয়ে কয় যে ৰাছিয়াৰ ৰাষ্ট্রপতিৰ আশ্বাসক বিশ্বাসত ল’ব নোৱাৰি৷ সেয়েহে তেওঁ ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে বার্তালাপ কৰে৷ মন কৰিবলগীয়া যে কিছুদিন পূর্বে হোৱাইট হাউছত ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্রপতি ট্রাম্পৰে বাদ–বিবাদ হৈছিল৷ এই বাদ–বিবাদ বিশ্বজুৰি ব্যাপক চর্চিত হয়৷ ইয়াৰ প্রতিক্রিয়া চলি থকাৰ সময়তে আজি জেলেনস্কীয়ে পুনৰ ট্রাম্পৰ সৈতে আলোচনাত মিলিত হোৱাৰ আগ্রহ প্রকাশ কৰিছে৷ হেলচিংকীত ফিনলেণ্ডৰ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ ষ্টাৱৰ সৈতে এক সংবাদ মেলত অংশ লৈ ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে ট্রাম্পৰ সৈতে যোগাযোগ কৰাৰ ঘোষণা কৰিছে৷ সেইমর্মে আজি জেলেনস্কীয়ে ট্রাম্পৰ সৈতে টেলিফোনিক বার্তালাপ কৰে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে পৰৱর্তী পদক্ষেপ কেনেধৰণৰ হ’ব সেই সন্দর্ভতো আলোচনা কৰাৰ লগতে ৰাছিয়াৰ সৈতে যুদ্ধবন্দী বিনিময়ৰ সহমত প্রকাশ কৰে জেলেনস্কীয়ে৷