নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাউণ্টী চেম্পিয়নশ্বিপৰ বাবে সাজু য়ুজবেন্দ্র চাহাল

🔹 চলিত ছিজনত নর্দাম্পটনশ্বায়াৰৰ হৈ খেলিব চাহালে

নিউজ ডেস্ক, ১৬ মার্চ : ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া কাউণ্টী চেম্পিয়নশ্বিপত খেলিবলৈ পুনৰ সাজু হৈছে সম্প্রতি ভাৰতীয় দলৰ বাহিৰত থকা য়ুজবেন্দ্র চাহাল৷ চলিত ছিজনত নর্দাম্পটনশ্বায়াৰৰ হৈ খেলিব চাহালে৷ ইয়াৰ পূর্বেও তেওঁ এই দলৰ হৈ খেলিছে৷ তেওঁৰ চুক্তি জুন মাহৰ পৰা ছিজনৰ শেষলৈকে৷ এই সময়ছোৱাত তেওঁ কাউণ্টী চেম্পিয়নশ্বিপ আৰু ৱান ডে’ কাপৰ বাবে উপলব্ধ হ’ব৷ ইয়াৰ পূর্বে ২০২৩ চনত এই ক্লাবত যোগদান কৰিছিল৷ তেওঁ চাৰিখন মেচত ১৯টা উইকেট দখল কৰিছিল৷ একে সময়তে ক্লাবৰ হৈ লিষ্ট ‘এ’ত অভিষেক ঘটোৱাত কেণ্টৰ বিৰুদ্ধে ১৪ ৰানত ৫ উইকেট দখল কৰে৷ নর্দাম্পটনশ্বায়াৰত পুনৰ যোগদান কৰি চাহালে কয় যে বিগত ছিজনত ইয়াত থকা সময়খিনি মই ভালদৰে উপভোগ কৰিছিলোঁ, গতিকে ঘূৰি আহি মই অতি সুখী৷

You might also like