চেম্পিয়নছ ট্রফী : ডুবাইত অনুশীলন টীম ইণ্ডিয়াৰ
🔹 বাঁও ভৰিৰ আঁঠুত আঘাত পালে ঋষভ পণ্টে
নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : ডুবাইত উপস্থিত হৈয়ে অনুশীলনত নামিল ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ আইচিচি চেম্পিয়নছ ট্রফীত অংশ লোৱাৰ উদ্দেশ্যে শনিবাৰে নিশা ভাৰতীয় দলটো ডুবাইত উপস্থিত হয় আৰু দলটোৱে কালি অনুশীলনত ভাগ লয়৷ অনুশীলনৰ প্রথম দিনটোতে আঘাতপ্রাপ্ত হয় তাৰকা উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্ট৷ আইচিচি একাডেমীত অনুশীলন কৰি থকা সময়ত ঋষভ পণ্টে বাঁও ভৰিৰ আঁঠুত আঘাত পায়৷ নেটত বেটিং অনুশীলন কৰা হার্দিক পাণ্ডিয়াই মাৰি পঠিওৱা বলটো পণ্টৰ বাঁও ভৰিৰ আঁঠুত লাগে আৰু লগে লগে পণ্টে খেলপথাৰতে বহি পৰে৷ বিষ অনুভৱ কৰাত চিকিৎসকৰ দলে পণ্টক প্রাথমিক চিকিৎসা প্রদান কৰে৷ ২০ ফেব্রুৱাৰীত ভাৰতে বাংলাদেশৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷ কালি দলটোৰ আটাইকেইগৰাকী খেলুৱৈ অনুশীলনত ভাগ লয়৷ সমগ্র দলটো একেখন বাছতে অনুশীলন কৰিবলৈ আহে৷ ভাৰতীয় দলৰ নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা সমগ্র দলটোৱে ভ্রমণৰ সময়ত একেলগে অনুশীলনৰ বাবে হোটেলৰ পৰা অহা–যোৱা কৰিব৷ সেই নিয়ম অনুসৰি গোটেই দলটো কালি বাছেৰে অনুশীলনস্থলীলৈ আহে৷ অনুশীলনৰ সময়ত অধিনায়ক ৰোহিত শর্মা, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু বলিং প্রশিক্ষক মর্নে মর্কেলক আলোচনাত মিলিত হোৱা দেখা যায়৷ ইফালে, তাৰকা বেটাৰ বিৰাট কোহলিকো অনুশীলনৰ সময়ত বিভিন্ন বেটৰ পৰীক্ষা কৰা দেখা গৈছিল৷