নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফী : ভাৰতৰ সন্মুখত আজি কিৱি

🔹 গ্রুপত শীর্ষস্থান দখলৰ লক্ষ্য ভাৰতৰ

নিউজ ডেস্ক, ২ মার্চ : চেম্পিয়নছ ট্রফীৰ গ্রুপ ‘এ’ৰ আজি হ’বলগীয়া অন্তিমখন লীগ মেচত মুখামুখি হ’ব টীম ইণ্ডিয়া আৰু নিউজিলেণ্ড৷ ইতিমধ্যে দুয়োটা দলে প্রতিযোগিতাখনৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে যদিও গ্রুপৰ শীর্ষস্থান দখল কৰাৰ বাবে নিউজিলেণ্ড আৰু ভাৰতীয় দলটোৱে যুঁজিব৷ মেচখনত জয়লাভ কৰাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷ অৱশ্যে আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ অধিক সম্ভাৱনা আছে৷ অধিনায়ক ৰোহিত শর্মাৰ লগতে তাৰকা পেচ বলাৰ মহম্মদ ছামিয়ে আজিৰ মেচখনত অংশ লোৱাৰ সম্ভাৱনা কম আছে৷ দুয়োগৰাকী তাৰকা ক্রিকেটাৰ সম্প্রতি সম্পূর্ণৰূপে ফিট নহয়৷ ৰোহিতৰ অনুপস্থিতিত আজি বিৰাট কোহলিয়ে শুভমন গিলৰ সৈতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, মহম্মদ ছামিৰ স্থানত অর্শদীপ সিঙক মূল একাদশত স্থান দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ আজিৰ মেচখন সন্দর্ভত সংবাদ মেল সম্বোধন কৰি ভাৰতীয় দলটোৰ তাৰকা উইকেটকীপাৰ–বেটাৰ লোকেশ ৰাহুলে কয় যে অধিনায়ক ৰোহিত শর্মা আৰু মহম্মদ ছামিৰ আঘাতক লৈ কোনো চিন্তাৰ কাৰণ নাই৷ অৱশ্যে আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশৰ সালসলনি হোৱাটো প্রায় নিশ্চিত৷ মেচখনত আমি কিৱি বাহিনীক সহজভাৱে ল’ব বিচৰা নাই৷ পূর্ণ শক্তিৰে খেলি আজিৰ মেচখনত জয়লাভ কৰি আমি গ্রুপত শীর্ষস্থানত থকাটোৱে আমাৰ প্রধান লক্ষ্য৷ অধিনায়ক ৰোহিত শর্মাৰ মাংসপেশীৰ সমস্যা সন্দর্ভত লোকেশ ৰাহুলে কয় যে ৰোহিত শর্মা বর্তমান সম্পূর্ণ সুস্থ৷ যদি আজিৰ মেচখনত তেওঁ জিৰণি লয় তেতিয়াহ’লে বিৰাট কোহলিয়ে গিলৰ সৈতে দলৰ ইনিংছ মুকলি কৰিব৷ ইফালে, আজিৰ মেচখনত বৰুণ চক্রৱর্তীয়ে মূল একাদশত স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ আজিৰ মেচখনত ভাৰত জয়ী হ’লে গ্ৰুপত শীৰ্ষস্থান দখলেৰে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজত নামিব। খেলৰ সময় : দিনৰ ২.৩০ বজা৷

You might also like