নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফী : ভাৰতক পতিয়নৰ চেষ্টা পাকিস্তান ক্রিকেট ব’ৰ্ডৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মে’ : পাকিস্তানত ২০২৫ চনত হ’বলগীয়া চেম্পিয়নছ ট্রফীক লৈ জটিলতাৰ সৃষ্টি হৈছে৷ পাকিস্তানত খেলিবলৈ আপত্তি কৰিছে ভাৰতে৷ এনে পৰিস্থিতিত পাকিস্তান ক্রিকেট ব’র্ডে ভাৰতক পতিয়ন নিয়াবলৈ আপ্রাণ চেষ্টা চলাইছে৷ প্রতিযোগিতাখন পাকিস্তানতে আয়োজন কৰাৰ বাবে পাকিস্তান ক্রিকেট ব’র্ডে বিশ্ব ক্রিকেটৰ সর্বোচ্ছ সংস্থা আইচিচিলৈ প্রেৰণ কৰিছে নতুন প্রস্তাৱ৷ সমগ্র প্রতিযোগিতাখনত ভাৰতীয় দলটোক এখন চহৰতে ৰখাৰ পৰিকল্পনা কৰিছে পিচিবিয়ে৷ পাকিস্তান ক্রিকেট ব’ডৰ লক্ষ্য হৈছে সুদীর্ঘ ১৭ বছৰৰ মূৰত প্রথমবাৰৰ বাবে ভাৰতীয় ক্রিকেট দলটোৰ পাকিস্তান ভ্রমণ সম্ভৱ কৰি তোলা৷ দুসপ্তাহ ধৰি অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখন আয়োজন কৰাৰ বাবে পিচিবিয়ে কৰাচী, ৰাৱালপিণ্ডি আৰু লাহোৰক স্থান হিচাপে বিবেচনা কৰিছে৷ টীম ইণ্ডিয়াক এখন চহৰতে ৰখাৰ ব্যৱস্থা কৰিলে নিৰাপত্তাৰ চিন্তা হ্রাস কৰাৰ চিন্তা–চর্চা কৰিছে আয়োজক পাকিস্তানে৷ পিচিবিৰ অধ্যক্ষ মহছিন নাকভীয়ে চলিত সপ্তাহৰ আৰম্ভণিতে কৈছিল যে তেওঁলোকে এখন খচৰা প্রস্তুত কৰিছে আৰু ইয়াক আইচিচিলৈ প্রেৰণ কৰিছে৷ খচৰাখনৰ ওপৰত কেতিয়াও আলোচনা হোৱা নাই আৰু আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ব ভাৰতীয় দলটোৱে পাকিস্তান ভ্রমণ কৰিব নে নকৰে৷ উল্লেখ্য যে টীম ইণ্ডিয়াই ২০০৮ চনৰ এছিয়া কাপৰ পিছত পাকিস্তানত খেলা নাই৷ সেই বছৰ মুম্বাই আক্রমণৰ পিছৰে পৰা দুয়োখনৰ দেশৰ মাজৰ সম্পর্কত অৱনতি ঘটে৷ কৰাচীত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত নাকভিয়ে আশা ব্যক্ত কৰে যে ৮টা দলৰ আটাইকেইটাই প্রতিযোগিতাখনৰ বাবে পাকিস্তান ভ্রমণ কৰিব৷ ১৯৯৬ চনৰ বিশ্বকাপত ভাৰত আৰু শ্রীলংকাৰ সৈতে সহ আয়োজক হোৱাৰ পিছত পাকিস্তানে আয়োজন কৰিবলগা এইটোৱেই প্রথম আইচিচি অনুষ্ঠান হ’ব৷ ২০০৮ চনত পাকিস্তানে চেম্পিয়নছ ট্রফী আয়োজন কৰাৰ কথা আছিল কিন্তু প্রতিযোগিতাখন পিছুৱাই দিয়া হয়৷ তাৰ পিছত নিৰাপত্তাজনিত কাৰণত প্রতিযোগিতাখন দক্ষিণ আফ্রিকালৈ স্থানান্তৰ কৰা হয়৷ পিচিবিৰ সূত্র অনুসৰি তেওঁলোকে আইচিচিক জনাইছে যে ভাৰতে ইচ্ছা কৰিলে গ্রুপ পর্যায়ৰ সকলো মেচ এখন খেলপথাৰতে খেলিব পাৰে৷ পিছত নক আউটত প্রৱেশ কৰিলে আন এখন খেলপথাৰত খেলিবলৈ যাব লাগিব৷ ভাৰতীয় দলটোৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব আৰু দলটোক ষ্টেডিয়ামৰ সমীপৰ এখন হোটেলতে ৰখা হ’ব বুলিও ব’ৰ্ডৰ বিষয়াগৰাকীয়ে কয়৷ উল্লেখ্য যে অহা বর্ষৰ ফেব্রুৱাৰী মাহৰ মাজভাগত পাকিস্তানত চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

You might also like