কানাডাৰ প্রধানমন্ত্রী পদৰ দৌৰত ভাৰতীয় মূলৰ চন্দ্র আর্য
নিউজ ডেস্ক, ২০ জানুৱাৰী : কানাডাৰ প্রধানমন্ত্রীৰ পদ ত্যাগ কৰিছে জাষ্টিন ট্রুডিউৱে৷ পৰৱর্তী নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰো সিদ্ধান্ত লৈছে নেতাগৰাকীয়ে৷ গতিকে স্বাভাৱিকতে প্রশ্ণ উঠিছে- এইবাৰ ট্রুডিউৰ উত্তৰসূৰী কোন হ’ব? এই তালিকাত এইবাৰ নাম সন্নিৱিষ্ট হ’ল দেশখনত থকা ভাৰতীয় বংশোদ্ভৱ সাংসদ চন্দ্র আর্যৰ৷ পৰহি সংসদত কন্নড় ভাষাত ভাষণ দিয়াৰ পিছত প্রধানমন্ত্রী পদত মনোনয়ন দাখিল কৰে চন্দ্র আর্যই৷ যোৱা বছৰ কানাডাৰ হিন্দু মন্দিৰত সংঘটিত আক্রমণৰ প্রতিবাদ জনাই ‘শিখ ফৰ জাষ্টিচ’ৰ মুৰব্বী গুৰপটৱন্ত সিং পান্নুনৰ ৰোষৰ সন্মুখীন হৈছিল চন্দ্র আর্য৷ আনকি চন্দ্র আর্যক ভাৰতলৈ প্রত্যাৱর্তনৰ নির্দেশো দিছিল পান্নুনে৷ ভাবুকি সত্ত্বেও আর্যই খালিস্তানপন্থীৰ বিৰুদ্ধে কানাডাত প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ কর্ণাটকৰ টুমকুৰত জন্মগ্রহণ কৰিছিল চন্দ্র আর্যই৷ ২০০৬ চনত কানাডাৰ নাগৰিকত্ব গ্রহণ কৰে আর্যই৷