বিচাৰ প্রক্রিয়াৰ বিলম্বত ক্ষুব্ধ চন্দ্রচূড়
🔹 ‘তাৰিখ পে তাৰিখ’ ব্যৱস্থা সলনিৰ আহ্বান
বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ মুখত ছানী দেউলৰ ‘দামিনী’ ছবিৰ সংলাপ শুনিবলৈ পোৱা গ’ল৷ দেশৰ আদালতবোৰ ‘তাৰিখ পে তাৰিখ’ৰ কেন্দ্র হৈ পৰিছে বুলি স্বীকাৰ কৰিলে চন্দ্রচূড়ে৷ অকল স্বীকাৰ কৰাই নহয়, তীব্র বিৰক্তিও প্রকাশ কৰিলে মুখ্য ন্যায়াধীশগৰাকীয়ে৷ লেহেমীয়া গতিত বিচাৰ প্রক্রিয়া চলাৰ বাবে মানুহৰ আস্থা নোহোৱা হৈ আহিছে৷ বিচাৰ ব্যৱস্থাৰ প্রকৃত উদ্দেশ্য পানী হৈ গৈছে বুলি ক্ষোভ প্রকাশ কৰিলে ডি ৱাই চন্দ্রচূড়ে৷ অধিবক্তাসকলৰ সন্মুখত ক্ষোভ উজাৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অধিবক্তাসকলৰ অনুপস্থিতি আৰু ইচ্ছাকৃতভাৱে গোচৰ দীর্ঘদিন চলোৱাৰ চেষ্টাৰ ফলত সমগ্র প্রক্রিয়ালৈ নামি আহিছে অনাস্থা৷ এই ব্যৱস্থাৰ উচ্চতম ন্যায়ালয়ত শীঘ্রে পৰিৱর্তন ঘটিব লাগিব বুলিও উল্লেখ কৰে চন্দ্রচূড়ে৷