বল এৰি দিওঁতে বুমৰাহৰ কঁকালৰ অৱস্থান পৰীক্ষা কৰক
🔹 বলিং একচনক লৈ প্রশ্ণ ইয়ান মৰিছৰ
🔹 এইবাৰ অষ্ট্রেলিয়াৰ টার্গেট বুমৰাহ
নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : বক্সিং ডে’ টেষ্টৰ পূর্বে মেলব’ৰ্নত টীম ইণ্ডিয়াৰ ইজনৰ পিছত সিজন খেলুৱৈক টার্গেট কৰি লৈছে অষ্ট্রেলিয়াই৷ বিৰাট কোহলি, ৰবীন্দ্র জাদেজা আৰু আকাশ দীপৰ পিছত এইবাৰ অষ্ট্রেলিয়াৰ টার্গেট হ’ল যশপ্রীত বুমৰাহ৷ ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া বক্সিং ডে’ টেষ্টৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ বুমৰাহৰ বলিং একচনক লৈ প্রশ্ণ উত্থাপন কৰিছে অষ্ট্রেলিয়াৰ ধাৰাভাষ্যকাৰ ইয়ান মৰিছে৷ বুমৰাহৰ বলিং একচনৰ বিষয়টোৰ তদন্ত কৰিবলৈও তেওঁ অনুৰোধ জনাইছে৷ বক্সিং ডে’ আৰম্ভ হোৱাৰ পূর্বে মৰিছে কয় যে বুমৰাহৰ এই কার্যত কোনেও কিয় প্রশ্ণ নকৰে? তেওঁৰ এই বলিং একচনক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ মই কোৱা নাই যে তেওঁ বল দলিয়াই দিয়ে৷ কিন্তু বল এৰি দিওঁতে তেওঁৰ কঁকালৰ অৱস্থান পৰীক্ষা কৰিব লাগে৷ উল্লেখ্য যে বুমৰাহৰ পূর্বে জাদেজা, আকাশ দীপ আৰু কোহলিক লৈও বিতর্কৰ সৃষ্টি হৈছে৷ অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমে অভিযোগ কৰিছিল যে জাদেজাই সংবাদ মেলৰ সময়ত ইংৰাজী ভাষাত কোনো প্রশ্ণৰ উত্তৰ নিদিলে৷ মেলব’ৰ্ন টেষ্টৰ পূর্বে সাংবাদিকৰ সৈতে কথা পাতিবলৈও আহিছিল আকাশ দীপ৷ ইয়াৰ কিছু সময়ৰ পিছতে অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমে দাবী কৰিছিল যে আকাশ দীপক ইচ্ছাকৃতভাৱে তালৈ পঠিওৱা হৈছিল৷ কাৰণ তেওঁ ইংৰাজী ক’ব নোৱাৰে৷ আনহাতে, বিমানবন্দৰত কোহলিয়ে অষ্ট্রেলিয়াৰ এগৰাকী মহিলা সাংবাদিকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে৷