নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দবা জিনিয়াছ গুকেশ-ৰ ঐতিহাসিক জয়, প্ৰাক্তন বিশ্ব চেম্পিয়ন কাৰ্লছনক পৰাস্ত

পৰাজয়ত ক্ষুব্ধ কাৰ্লচেনে খঙত দবা বৰ্ডত ঘোচা মাৰে

দবা জিনিয়াছ গুকেশ-ৰ ঐতিহাসিক জয়, প্ৰাক্তন বিশ্ব চেম্পিয়ন কাৰ্লছনক পৰাস্ত

নিউজ ডেস্ক, ২ জুন : বিশ্ব চেম্পিয়ন গুকেশ ডিৰ ঐতিহাসিক জয়। নৰৱে চেছ ২০২৫ৰ ষষ্ঠ ৰাউণ্ডত তেওঁ প্ৰথমবাৰৰ বাবে ক্লাছিকেল টাইম কণ্ট্ৰ’লত মেগনাছ কাৰ্লছনক পৰাস্ত কৰে। এই পৰাজয়ত ক্ষুব্ধ কাৰ্লচেনে খঙত দবা বৰ্ডত ঘোচা মাৰে। এই কথাই সকলোকে আচৰিত কৰি তুলিলে।

গুকেশ ডিৰ আকৌ এবাৰ ডাঙৰ কৃতিত্ব। গুকেশৰ হাতত পৰাস্ত হোৱাৰ পিছত প্ৰাক্তন বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনে নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। মেচ শেষ হোৱাৰ লগে লগে তেওঁ চেছত খঙত ঘোচা মাৰিলে যদিও তেওঁ অতি সোনকালে নিজৰ ভুলটো উপলব্ধি কৰিলে। লগে লগে তেওঁ ক্ষমা বিচাৰি বিজয়ী গুকেশক জয়ৰ বাবে অভিনন্দন জনায়।

জয়ৰ পাছত গুকেশে কোনো ধৰণৰ আগ্ৰাসন দেখুৱাব পৰা নাছিল, মাত্ৰ কাৰ্লছনৰ লগত হাত মিলাই মনে মনে আসনৰ পৰা উঠি আহি মুখত হাত দুখন হেঁচা মাৰি ধৰি এঠাইত থিয় হৈছিল। যেন তেওঁ নিজেই বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ সেই কামটো কৰিছে, তেওঁ প্ৰাক্তন ১ নম্বৰ মেগনাছ কাৰ্লছনক পৰাস্ত কৰিছিল।

১৯ বছৰীয়া গুকেশ ডি প্ৰথম ৰাউণ্ডত কাৰ্লছনৰ হাতত পৰাস্ত হৈছিল। এই জয়ৰ পিছত কাৰ্লছনে এটা পোষ্টো কৰিছিল য’ত তেওঁ লিখিছিল যে ‘যেতিয়া আপুনি ৰজাৰ বিৰুদ্ধে খেলে, তেতিয়া আপুনি মিছ কৰিব নালাগে।’ হয়তো তেওঁ এই পোষ্টটোৰ জৰিয়তে ক’ব বিচাৰিছিল যে তেওঁক পৰাস্ত কৰাটো অতি কঠিন, কিন্তু গুকেশে নিজৰ খেলেৰে ইয়াৰ উপযুক্ত উত্তৰ দিলে।

বগা টুকুৰাৰে খেলি গুকেশে গোটেই খেলখন ধৈৰ্য্য আৰু অনুশাসন বজাই ৰাখিছিল। তেওঁ ইনক্ৰিমেণ্ট টাইম কণ্ট্ৰ’লত কামবেক কৰিছিল, আনহাতে ইয়াৰ আগতে কাৰ্লছনে বেছিভাগ সময়তে অগ্ৰগতি বজাই ৰাখিছিল। কাৰ্লছনৰ ভুলৰ সুযোগ লৈ গুকেশে টেবুল ঘূৰাই দিলে। শেষৰটোত পাল্টা আক্রমণেৰে জয়লাভ কৰে গুকেশে৷

You might also like