নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহমন্ত্ৰীৰ উপস্থিতিত অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সীমা বিবাদ সমাধানৰ চুক্তি স্বাক্ষৰ

বিশেষ বাৰ্তা ২০ এপ্ৰিলঃ অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদৰ নিষ্পত্তিৰ হকে আজি নতুন দিল্লীত দুই ৰাজ্যৰ মাজত স্বাক্ষৰিত হল এক ঐতিহাসিক বুজাবুজি চুক্তি। নৰ্থব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ জৰিয়তে ৮০৪ কিলোমিটাৰ ব্যাপী দুই ৰাজ্যৰ মাজত থকা সীমাবিবাদৰ নিষ্পত্তি হোৱা বুলি দুয়ো ৰাজ্য়ই মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। আনহাতে চুক্তি স্বাক্ষৰকাৰী অনুষ্ঠানত প্ৰদান কৰা নিজৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ দিনটো অসম আৰু অৰুণাচল প্ৰদেশৰ বাবে ৰঙা আখৰেৰে লিখা থাকিব বুলি মন্তব্য কৰে। দুয়ো ৰাজ্যই সৌহাৰ্দ্যপূৰ্ণ ভাৱে যিদৰে সীমাবিবাদৰ নিষ্পত্তি কৰিবলৈ সক্ষম হল সেয়া এক আশাৰ বতৰা কঢ়িয়াই আনিছে। দুয়ো ৰাজ্যৰ মাজত হোৱা আজিৰ এই চুক্তিৰ জৰিয়তে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত শান্তি কঢ়িয়াই অনাৰ লগতে অঞ্চলটোৰ সাৰ্বিক উন্নয়নৰ বাটো প্ৰশস্ত কৰিব। শ্বাহে কয় যে স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ কালছোৱাত সমগ্ৰ অসম-অৰুণচল প্ৰদেশ সীমান্তৰ মুঠ ১২৩টা বিবাদমান গাওঁৰ নিষ্পত্তি এক তাতপৰ্যপূৰ্ণ বিষয়। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ স্বাক্ষৰিত বুজাবুজি চুক্তিখনক ঐতিহাসিক আখ্যা দি কয় যে এই চুক্তিয়ে দুয়ো ৰাজ্যৰ মাজত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব। তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ লগতে কেবালানি আলোচনাৰ পাছত আজি এই চুক্তি সম্ভৱপৰ হৈছে। তদুপৰি বিবাদমান এলেকা সমূহ পৰিদৰ্শনৰ বাবে এজনকৈ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত গঠন কৰা ১২টা আঞ্চলিক কমিটিকো ধন্যবাদ দিব লাগিব। কাৰণ দুই ৰাজ্যৰ মাজত যিমান বিবাদ আছিল আজিৰ এই চুক্তিৰ জৰিয়তে সকলো বিবাদৰ নিষ্পত্তি ঘটিল। পিছে দু এখন বিবাদমান গাওঁৰ সীমান্ত সুনিৰ্দিষ্টকৈ নিৰ্ধাৰণ কৰাৰ কাম আগন্তুক ছ মাহৰ ভিতৰত ছাৰ্ভে অফ ইণ্ডিয়াই সম্পন্ন কৰিব। আনহাতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা মানদণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে প্ৰথমতে আমি জনগোষ্ঠীয় লোকসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো। কোন গাওঁত কোনখন ৰাজ্যৰ জনগোষ্ঠীয় লোকৰ সংখ্যা বেছি আছে। যিখন গাওঁত যিখন ৰাজ্যৰ জনগোষ্টীয় লোকৰ সংখ্য়া বেছি সেইখন গাওঁ সেইখন ৰাজ্যক সমৰ্পন কৰা হৈছে। দ্বিতয়ত দেখা হৈছে এটা সুনিৰ্দিষ্ট বিবাদমান গাওঁৰ পৰা দুয়ো ৰাজ্যত থকা কোনখন জিলাৰ সদৰ কাৰ্যালয় নিকটত অৱস্থান কৰিছে। মুখ্যমন্ত্ৰীৰ ভাষাত– এডমিনিষ্ট্ৰিভ কনভিনিয়ন্সৰ লগতে এথনিক কনভিনিয়ন্সৰ কথা ভাবি চোৱা হৈছে। মানুহে কি বিছাৰে, মানুহৰ কি ইচ্ছা তাৰ ওপৰত অদিক গুৰুত্ব প্ৰদান কৰা হৈছে। তাৰ বাবে একাধিক ৰাজহুৱা শুনানীও গ্ৰহণ কৰা হৈছে। সম্পূৰ্ণ গণতান্ত্ৰিক উপায়েৰে দুয়ো ৰাজ্যৰ মাজত সীমা বিবাদৰ নিষ্পত্তি ঘটা বুলি মুখ্যমন্ত্ৰীয়ে মত ব্যক্ত কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, চুক্তি স্বাক্ষৰ কৰাৰ আগতে অসম চৰকাৰৰ তৰফত অৰুণাচল প্ৰদেশ চৰকাৰক এটা বিশেষ আবেদন জনোৱা হৈছিল। সেয়া হৈছে যোৰহাট চহৰত অৰুণাচল চৰকাৰৰ কিছু মাটি আছে। অসম চৰকাৰে অনুৰোধ জনাইচিল যে যোৰহাট চহৰৰ উক্ত মাটিখিন অসমক এৰি দিয়া হওক। অৰুণাচল চৰকাৰে অসমৰ চৰকাৰৰ এই আবেদনক সঁহাৰি জনাই মাটিখিন অসমক এৰি দিয়া বুলি মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে। আনহাতে নাগালেণ্ড চৰকাৰৰ সৈতেও দুয়ো ৰাজ্যৰ মাজত থকা সীমা বিবাদক লৈ আলোচনা হব বুলি প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে অসম-নাগালেণ্ড সীমান্তবৰ্তী এলেকাত তৈল আহৰণৰ কাম এতিয়া বন্ধ হৈ আছে। প্ৰথমতে দুয়ো ৰাজ্যৰ মাজত বুজাবুজিৰে বিবাদমান এলেকাত তৈল আহৰণৰ কাম পুনৰ আৰম্ভ কৰিব লাগিব আৰু তাৰ পিছত ৰাজনৈতিক পৰ্যায়ত সীমা বিবাদ নিষ্পত্তিৰ বিষয়টো আগবঢ়াই নিয়া হব। তদুপৰি অসম-নাগালেণ্ড সীমা বিবাদৰ বিষয়টো উচ্চতম ন্যায়ালয়তো বিবেচনাধীন হৈ থকা বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। মিজোৰামাৰ লগতো সীমা বিবাদৰ নিষ্পত্তিৰ বাবে কিছু আলোচনা আগবঢ়া বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম-মেঘালয়ৰ মাজতো এতিয়াও ৪০ শতাংশ সীমা বিবাদ নিষ্পত্তিৰ কাম বাকী আছে। আগন্তুক দুই তিনি মাহৰ ভিতৰত এই নিষ্পত্তিৰ কাম সম্পন্ন কৰা হব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনততো সীমাবিবাদ নিষ্পত্তিৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা হোৱা নাছিল। কেৱল ষ্টেটাছ কিউ বৰ্তাই ৰখাৰ কথা কোৱা হৈছিল। কোনো ধৰণৰ প্ৰয়াসে কৰা হোৱা নাছিল। পিছে মই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে যেতিয়া গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষত কৰিছিলো সিদিনাই তেওঁ মোক জনাইছিল যে সীমা বিবাদৰ নিষ্পত্তি হব লাগে। কাৰণ স্বাধীনতাৰ ৭৫ন বছৰীয়া অমৃতকালৰ সময়ত ৰাজ্য ৰাজ্যৰ মাজত কাজিয়া ভাল নেদেখায়। সিদিনাৰ পৰাই সীমা বিবাদৰ নিষ্পত্তিৰ বাবে মই লাগি পৰিছিলো বুলি মুখ্যমন্ত্ৰীজনে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে অৱশেষত আজি লক্ষ্যত উপনীত হব পৰিলো। ইপিনে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়েও আজিৰ চুক্তিখনক অতি গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক আখ্যা দি কয় যে এই চুক্তিৰ জৰিয়তে দুয়ো ৰাজ্যত শান্তি উভতি অহাৰ লগতে উন্নয়নমূলক খণ্ডতো সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব। উল্লেখ্য় যে ৮০৪ কিলোমাটিৰ সীমান্তব্যাপী দুই ৰাজ্যৰ মাজত ১২৩টা বিবাদমান গাওঁ আছিল। যোৱা বছৰ জুলাই মাহত দুয়ো ৰাজ্যৰ মাজত স্বাক্ষৰিত ‘নামছাই’ ঘোষণাপত্ৰত বিবাদমান গাওঁৰ সংখ্যা ১২৩ৰ পৰা ৮৬লৈ হ্ৰাস কৰা হৈছিল। আজিৰ বুজাবুজি চুক্তিত এই ৮৬ খন গাওঁকলৈ থকা বিবাদৰ নিষ্পত্তি কৰা হৈছে। লক্ষ্যনীয়ভাৱে দুই ৰাজ্যৰ মাজত হোৱা আজিৰ বুজাবুজি চুক্তি সম্পাদন কৰা অনুষ্ঠানত কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণচলৰ জনপ্ৰতিনিধি হিচাপে কিৰেণ ৰিজিজুও উপস্থিত থাকে। আনহাতে ৰাজ্যৰ মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, কেশব মহন্ত, বিমল বৰা, সঞ্জয় কিশান, ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন উচ্চ পদস্থ বিষয়াসকলে উপস্থিত থাকে। মন কৰিব লগীয়া যে আজি স্বাক্ষৰিত চুক্তিখনৰ এটা খচৰা ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত স্বাহৰ ওচৰত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মেই বুধবাৰে দিছপুৰত চুক্তি সম্পাদিত কৰাৰ বাবে আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

প্ৰেৰক কল্লোল ভৌমিক

You might also like