নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউয়র্কত ক’ৰোনাৰ মাজতে শিশুৰ দেহত ৰহস্যজনক ৰোগ

তিনি শিশুৰ মৃত্যু, শ শ আক্রান্ত

নিয়মীয়া বাৰ্তা, ১২ মে’ : আমেৰিকাৰ ঐশ্বর্যশালী চহৰ নিউয়র্ক বর্তমান ক’ৰোনাৰ মৃত্যু উপত্যকাত পৰিণত হৈছে ৷ মহামাৰীৰ প্রাদুর্ভাৱৰ মাজতে চহৰখনত শিশুৰ মাজত এক ৰহস্যজনক ৰোগ বিয়পি পৰাত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে ৷ সমগ্র আমেৰিকাত শতাধিক শিশু এনে ৰোগত আক্রান্ত হোৱাৰ বিপৰীতে কেৱল নিউয়র্কতে ৭৩টা শিশু চিকিৎসাধীন হ’ব লগা হৈছে ৷ ইয়াৰে তিনিটি শিশুৰ ইতিমধ্যে মৃত্যু হৈছে৷ এই ৰোগৰ লক্ষণ হ’ল– ছাল আৰু ধমনী ফুলি যায় ৷ শিশুৰ চকুত পোৰণি হয় আৰু শৰীৰত দাগৰ সৃষ্টি হয় ৷ আনহাতে ছালৰ ৰঙো সলনি হয় ৷ তদুপৰি শিশুসকল জ্বৰ, পেট, বুকুৰ বিষত ভোগে ৷ এই ৰোগত আক্রান্ত শিশুৰ বয়স ২–১৫ বছৰৰ ভিতৰত৷ কেৱল আমেৰিকাতে নহয়, ফ্রান্স, ব্রিটেইন, ইটালী আৰু ছুইজাৰলেণ্ডতো অর্ধশতাধিক শিশু এনে ৰোগত আক্রান্ত হৈছে ৷

You might also like