৬৪ বছৰত টি–২০ ক্রিকেটত অভিষেক ‘বৃদ্ধা’ চাইল্ডৰ
🔹 বিশ্বৰ দ্বিতীয়গৰাকী বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে নজিৰ
নিউজ ডেস্ক, ১১ এপ্রিল : ৬৪ বছৰ বয়সত টি–২০ আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটাই বিশ্বৰ দ্বিতীয়গৰাকী বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে নজিৰ গঢ়িলে ‘বৃদ্ধা’ জোয়ানা চাইল্ডে৷ যোৱা ৭ এপ্রিলত নৰৱে’ৰ বিৰুদ্ধে খেলি টি–২০ ক্রিকেটত অভিষেক ঘটিছিল পর্তুগালৰ ৬৪ বছৰীয়া চাইল্ডৰ৷ অৱশ্যে অভিষেক মেচখনত চাইল্ডে মাত্র দুই ৰান কৰি পেভিলিয়নমুখী হৈছিল৷ মেচখনত পর্তুগালে নৰৱে’ক ১০৯ ৰানত পৰাস্ত কৰে৷ উল্লেখ্য যে ৬৪ বছৰ বয়সত মেচখনত অংশগ্রহণ কৰি চাইল্ডে ফকলেণ্ড আইলেণ্ডৰ এণ্ডী ব্রাউনলী আৰু কেমেনৰ মেলি মূৰেক অতিক্রম কৰে৷ ব্রাউনলীৰ ৬২ বছৰ ১৪৫ দিনত টি–২০ত অভিষেক ঘটাৰ বিপৰীতে মেলি মূৰেৰ ৬২ বছৰ ২৫ দিনত টি–২০ত অভিষেক ঘটিছিল৷ ইফালে, জিব্রাল্টাৰৰ শ্বেলী বার্টনৰ নামত আছে টি–২০ ক্রিকেটত বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে অভিষেক ঘটাৰ নজিৰটো৷ ৬৬ বছৰ ৩৩৪ দিনত টি–২০ আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটিছিল বার্টনৰ৷